কাজিৰঙাক বিশ্ব দৰবাৰত তুলি ধৰাৰ এক অভিনৱ প্ৰচেষ্টা য়ানা বেডনাৰোভাৰ

কাজিৰঙাক বিশ্ব দৰবাৰত তুলি ধৰাৰ এক অভিনৱ প্ৰচেষ্টা য়ানা বেডনাৰোভাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰফেছনেল শ্লোভাকিয়ান আৰ্টিষ্ট য়ানা বেডনাৰোভাৰ যেন আজি বহুদিনীয়া সপোন  পূৰণ হ’ল৷তাৰ বাবে তেওঁ এক গৌৰৱ অনুভৱ কৰিছে৷বেডনাৰোভা অসমৰে বোৱাৰী হোৱা হেতুকে কাজিৰঙাক বিশ্ব দৰবাৰত তুলি ধৰাৰ এক প্ৰচেষ্টা হাতত লৈছে৷সেই উদ্দেশ্য তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰকৃতিৰ ছবিবোৰ তুলিকাৰে ধৰি ৰাখিবলৈ ‘প্লেইন এয়াৰ কাজিৰঙা’ শীৰ্ষক প্ৰকল্প হাতত লৈছে৷এই প্ৰকল্পটোৰ মুখ্য লক্ষ্য হ’ল সাধাৰণ পৰ্যটকৰ দৃষ্টিৰ পৰা আঁতৰি থকা অভয়াৰণ্যৰ ছবিবোৰ বিশ্ববাসীৰ সমুখলৈ উলিয়াই অনা৷এই প্ৰজেক্টটো ছোভাৰ আৰ্ট কাউন্সিলৰ আৰ্থিক সাহায্যত পিকাছো পিউপিল এন আৰ্ট ছ’চাইটীয়ে পৰিচালনা কৰাৰ লগতে অসম পৰ্যটন উন্নয়ন বিভাগে প্ৰজেক্টটোত সহায় কৰিছে৷ য়ানা বেডনাৰোভাই যোৱা ১৪ দিন ধৰি কাজিৰঙাত থাকি,কাজিৰঙাৰ অভ্যন্তৰৰ বিভিন্ন অঞ্চলৰ ছবিবোৰ অংকন কৰিছে৷ছবিসমূহৰ অংকনৰ মাধ্যম হৈছে হাতেবোৱা এৰি সূতা,টচ মুগা,মুগা আৰু হাতে বনোৱা পেপাৰ৷এই সমূহ পৰম্পৰাগত প্ৰাকৃতিক সম্পদ,যিয়ে চিত্ৰাংকনৰ ক্ষেত্ৰখনত মাধ্যম হিচাপে ব্যৱহাৰৰ বাবে এটা নতুন দিশৰ আলোকপাত কৰিছে৷ৰঙৰ মাধ্যম হিচাপে শিল্পীগৰাকীয়ে হেঙুল হাইতাল ব্যৱহাৰ কৰিছে,যিটো বিশ্বৰ চিত্ৰকলাৰ জগতখনতেই বিৰল৷সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ সভা কক্ষত আয়োজিত এক অনুষ্ঠানত য়ানা বেডনাৰোভা আৰু অলকেশ দত্তই কয়- কাজিৰঙাত তেওঁলোকে কৰা শিল্পকৰ্মক ইউৰোপত বিভিন্ন দেশলৈ কঢ়িয়াই লৈ যোৱা হ’ব৷কাজিৰঙাক পৰ্যটকৰ সমুখত তুলি ধৰাৰ উপৰিও এড়ি ,পাট-মুগাৰ কাপোৰ আৰু হেঙুল-হাইতালৰ দৰে চিত্ৰকলাৰ মাধ্যমক বিশ্ববাসীৰ আগত জনপ্ৰিয় কৰাটোৱেই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য৷উল্লেখ্য,ইতিমধ্যে মেঘালয় চৰকাৰৰ আমন্ত্ৰণত এওঁলোকে মেঘালয় পৰ্যটনক বিশ্বদৰবাৰত তুলি ধৰাৰ বাবে যোৱা এবছৰ ধৰি কাম কৰি আহিছে৷য়ানা বেডনাৰোভা অসমৰে বোৱাৰী৷যোৱাবছৰ গোৱালপাৰা নিবাসী অলকেশ দত্তৰ লগত বিবাশপাশত আৱদ্ধ হয়৷অনুষ্ঠানৰ শেষত শিল্পীগৰাকীয়ে চিত্ৰশিল্পীৰ সৈতে মত বিনিময় কৰে৷