কমনৱেলথ গেমছত ভাৰোত্তোলক সংকেত সৰগাৰৰ পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন

Pc Hindustan Times

কমনৱেলথ গেমছত ভাৰোত্তোলক সংকেত সৰগাৰৰ পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- বাৰ্মিংহামত চলি থকা  কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ বাবে প্ৰথম পদক ভাৰোত্তোলক সংকেত চাৰ্গাৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। ২১ বছৰীয়া সংকেতে মুঠ ২৪৮ কিলোগ্ৰাম উত্তোলনৰ সৈতে ৰূপৰ পদক অৰ্জন কৰে।যাৰ ভিতৰত ১১৩ কিলোগ্ৰাম স্নেচ আৰু ১৩৫ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক আছিল। মালয়েছিয়াৰ বিন কাচদান মহম্মদ আনিকে মুঠ ২৪৯ কিলোগ্ৰাম উত্তোলন কৰি প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰিছিল।