কমনৱেলথ গেমছত পুৰুষৰ হকী ইভেণ্টত কানাডাক ৮-০ গʼলত পৰাস্ত ভাৰতৰ

Pc NDTV Sports

কমনৱেলথ গেমছত পুৰুষৰ হকী ইভেণ্টত কানাডাক ৮-০ গʼলত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় পুৰুষৰ হকী দলটোৱে তেওঁলোকৰ দ্বিতীয়খন অন্তিম পুল বি খেলখনত ৮-০ গʼলত কানাডাক পৰাস্ত কৰে। এই জয়ৰ লগে লগে ভাৰতে ৭ পইণ্ট আৰু ১৯ গ’লৰ পাৰ্থক্যৰে পুল বিৰ শীৰ্ষ স্থান লাভ কৰে। একপক্ষীয় মেচখনত ভাৰতীয় দলটোৰ হৈ ৭,৫৪ মিনিটত হৰমনপ্রীত সিঙে দুটা, ১০ মিনিটত অমিত ৰোহিদাস, ২০ মিনিটত ললিত উপাধ্যায়, ২৭ মিনিটত গুৰ্জন্ত সিং, ৫৮ মিনিটত মনদ্বীপ সিঙে এটা গ’ল কৰাৰ লগতে ৩৮ আৰু ৬০ মিনিটত আকাশদ্বীপ সিঙে দুটা গ’ল স্ক’ৰ কৰে।আজি পুলৰ অন্তিমখন মেচত ৱেলছৰে মুখামুখী হ’ব ভাৰতীয় দলটো ।