অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

Pc Hindustan Times

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিচিচিআইয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা কৰে। ভাৰতে ২০ ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন টি-২০ খেলিব। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলা আৰু ৪ অক্টোবৰত শেষ হ’ব। টি-২০ শৃংখলাৰ পিছত ৬ ৰ পৰা ১১ অক্টোবৰলৈ তিনিখন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।