এনকাউণ্টাৰ চলিবই, অপৰাধমুক্ত সমাজ আমাৰ মূল লক্ষ্যঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

pc NDTV

এনকাউণ্টাৰ চলিবই, অপৰাধমুক্ত সমাজ আমাৰ মূল লক্ষ্যঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা – দিনে দিনে সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হবলৈ ধৰিছে অপৰাধমূলক ঘটনা। শেহতীয়াকৈ এই অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ ধৰ্ষণকাৰী, ড্ৰাগ্‌ছ সৰবৰাহকাৰী, হত্যাকাৰীক গুলীয়াই আহত কৰা ঘটনাক লৈ ৰাজ্যত একাংশই তোলা সমালোচনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য— মই থকালৈকে অপৰাধী কঠোৰ হাতেৰে দমন হৈয়েই থাকিব। উল্লেখ্য যে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এনকাউণ্টাৰক লৈ বিৰোধীৰ লগতে একাংশ ব্যক্তিবিশেষে যথেষ্ট সৰৱ হৈছে। লগতে ইয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহেও মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ হৈ পৰিছে। আনকি এনে এনকাউণ্টাৰৰ বাবে মানৱ অধিকাৰ আয়োগত গোচৰো ৰুজু হৈছে। এনে প্ৰতিক্ৰিয়াৰ পাছতো মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি— এনকাউণ্টাৰ চলিবই ৷ অপৰাধমুক্ত সমাজ আমাৰ মূল লক্ষ্য বুলি উল্লেখ কৰি আজি মুখ্যমন্ত্ৰীয়ে কয়— যিসকলে এনকাউণ্টাৰক লৈ সন্দেহ কৰে, তেওঁলোকৰ মানসিকতা এনেকুৱা নেকি যে তেওঁলোকে অপৰাধী সমাজত থকাটো বিচাৰে ?

(UD.)