এটি গীত…- নন্দেশ্বৰ মিলি

pc live for live music

এটি গীত…

কাৰ গানৰ সুৰে
তোমাৰ নিদ্ৰা ভাঙে
কাৰ বাঁহীৰ সুৰত
তোমাৰ হৃদয় কঁপে
কাৰ বাবে তুমি
সুখ পায় চকুলো টুকি
শয়নে-সপোনে
কাক তুমি থাকা বিচাৰি?

জিৰ্ জিৰ্ কৈ
আছে জুৰিটি বৈ
সদায় থাকা তুমি
দুওঁঠত মিচিকিয়া হাঁহিটি লৈ।

নন্দেশ্বৰ মিলি
নগাঁও