এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ ফাইনেলত অসমৰ শিৱ থাপা

Pc Zee News

এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ ফাইনেলত অসমৰ শিৱ থাপা

ৰঙিলী বাৰ্ত্তাসেৱা-  এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ত অসমৰ তিনিগৰাকী বক্সাৰ ক্ৰমে শিৱ থাপা, লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰে অংকুশিতা বড়োৱে ছেমি ফাইনেলত পৰাজয়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। আন দুগৰাকী বক্সাৰ শিৱ আৰু লাভলিনাৰ স্বৰ্ণপদকৰ আশা সজীৱ হৈ আছে। গেমছৰ ৬৩.৫ কেজি শাখাৰ আজিৰ ছেমিফাইনেলত শিৱ থাপাই তাজিকিস্তানৰ বাখদুৰ উচমনভৰক ৪–১ৰ ব্যৱধানত পৰাজয় কৰি ফাইনেলত প্ৰৱেশ কৰে। অসম বক্সিং সন্থা আশাবাদী শিৱ থাপা আৰু লাভলিনা বৰগোহাঁইৰ স্বৰ্ণপদকৰ বাবে।