একেখন মঞ্চত ৰাজ্যৰ উপায়ুক্তসকলৰ সভা আৰু মুখ্যমন্ত্ৰীৰ ব্যতিক্রমী পদক্ষেপ – গোপাল জালান

pc Wikipedia

একেখন মঞ্চত ৰাজ্যৰ উপায়ুক্তসকলৰ সভা আৰু মুখ্যমন্ত্ৰীৰ ব্যতিক্রমী পদক্ষেপ

গোপাল জালান

ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণৰ পাছৰে পৰাই নিতৌ কিবা নহয় কিবা এটা নতুন পদক্ষেপ গ্রহণ কৰিছে। এনে পদক্ষেপৰ অংশ ৰূপে ভিফুত দুদিনীয়াকৈ অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰীৰে জিলা উপায়ুক্তসকলৰ আলোচনা। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলৰ স’তে একেলগে বহি প্রশাসন যন্ত্ৰৰ বিষয়ে আলোচনা কৰিলে। জিলা পর্যায়ত কেনেদৰে স্থানীয় প্রশাসনৰ স’তে সু-সম্পৰ্ক ৰক্ষা কৰি কাৰ্যসমূহ সুচাৰুৰূপে সম্পাদন কৰিব পাৰে সেই সম্পর্কে আলোচনা কৰাটো বৈঠকৰ আন এক উদ্দেশ্য। ৰাজ্যৰ প্ৰতিখন জিলাতে উন্নয়নমূলক আঁচনিসমূহ খৰতকীয়াভাৱে ৰূপায়ণ কৰাৰ বাবে এই বৈঠকত আলোচনা কৰা হয়। দৰাচলতে এনেধৰণৰ পদক্ষেপে চৰকাৰ এখনৰ কাম-কাজসমূহ আগুৱাই যোৱাত সহায় কৰে। মহামানৱ মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাত গুৰুত্ব দিয়াৰ মুলতে আছিল স্থানীয় প্রশাসন যিমানেই শক্তিশালী হয় সিমানেই দেশ এখনে ৰাজনৈতিক, অর্থনৈতিক আৰু কৰ্মসংস্কৃতিৰে আগুৱাই যোৱাত সহায় হয়। এতিয়াও স্থানীয় প্রশাসনৰ গুৰুত্ব অপৰিসীম। কাৰণ চৰকাৰে যিবোৰ পদক্ষেপ গ্রহণ কৰে সেয়া আঞ্চলিক পর্যায়ত উপযুক্তভাৱে ৰূপায়ণ হলৈহে ৰাজ্য বা দেশ এখন আগুৱাই নিব পাৰিব।

জিলা উপায়ুক্তসকলক যদি মুকলিমূৰীয়াকৈ কাম কৰিবলৈ সুযোগ দিয়া হয় তেতিয়া নিশ্চয় যিকোনো চৰকাৰী আঁচনি বা কামকে উপযুক্তভাৱে সম্পাদন কৰিব পাৰে। জিলা এখন সর্বাংগীণভাৱে আগুৱাই যাবলৈ হলে উপায়ুক্তই বিশেষ পদক্ষেপ গ্রহণ কৰিবই লাগিব। জিলা আৰু স্থানীয় প্রশাসনৰ মাজত সদায় সুসম্পর্ক স্থাপন হ’লে সকলোবোৰ আঁচনি সঠিক আৰু উপযুক্তভাৱে নির্দিষ্ট সময়ত সম্পাদন কৰাটো সম্ভৱ। এনে উদ্দেশ্য সন্মুখত ৰাখিয়েই মুখ্যমন্ত্রী ড° শৰ্মাই এই পদক্ষেপ গ্রহণ কৰিছে। পৰৱৰ্তী সময়ত উপায়ুক্ত আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ স’তেও একেলগে আলোচনাত মিলিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

জিলাখনৰ অভিভাৱক হিচাপে উপায়ুক্ত এগৰাকীয়ে জনসাধাৰণৰ মাজত সহজে আস্থা লাভ কৰিব পাৰে— যদিহে উপায়ুক্তই জিলাখনৰ জ্বলন্ত সমস্যাসমূহ (তেওঁৰ ক্ষমতাৰ ভিতৰত) সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰে। অসমৰ বিভিন্ন জিলাত এনে কিছুমান উপায়ুক্ত আছে আৰু আছিল – যিসকলৰ নাম জিলাবাসীয়ে প্ৰতিটো মুহূৰ্ততে স্মৰণ কৰে। আন জিলালৈ বদলি হৈ গ’লেও তেওঁৰ নাম সততে চৰ্চালৈ আহে। জিলা এখনত শান্তিপূর্ণ পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰতো উপায়ুক্তৰ ভূমিকা অপৰিসীম। গতিকে তেওঁৰ সিদ্ধান্তৰ ওপৰত জিলাবাসীৰ উন্নতি ভালেখিনি নিৰ্ভৰ কৰে৷ বিশেষকৈ জিলাখনৰ বাবে নিৰ্ধাৰিত পুঁজিৰ উপযুক্ত ব্যৱহাৰ, হিতাধিকাৰীয়ে সঠিকভাৱে লাভ কৰিছে নে নাই সেই বিষয়ে ভালদৰে নিৰীক্ষণ কৰিব পাৰে।

ৰাজ্যখনত ৩৩ খন জিলা আছে। পূৰ্বৰ তুলনাত জিলাৰ পৰিসৰ সৰু হৈছে। গতিকে সৰু সৰু জিলা পৰিচালনাত সহায়ক হোৱাৰ লগতে সকলো সমঅধিকাৰ ভোগ কৰাৰো সুবিধা লাভ কৰে। এতিয়া অসমত বিভিন্ন সমস্যাই গা কৰি উঠিছে। এই সমস্যাসমূহ কিছুমানে এনেদৰে সৃষ্টি কৰিছে যে ৰাজনৈতিকভাৱে সমাধানসূত্র ওলালেও একাংশই এইবোৰ সমাধানৰ পথত বিধি-পথালি দিয়ে। নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি বেদখল, ড্ৰাগছৰ চোৰাং বেহা, অপৰাধজনিত ঘটনা আদি প্ৰতিৰোধ কৰিবলৈ উপায়ুক্তই পদক্ষেপ গ্রহণ কৰিব পাৰে। কোনো ঠাইত অশ্যস্ত পৰিস্থিতিৰ সৃষ্টি হ’লে উপায়ুক্তই এইবোৰ প্রতিহত কৰিবলৈ আৰক্ষী প্ৰশাসনৰে মিলি ব্যৱস্থা গ্রহণ কৰিলে বহুতো বিপদৰ পৰা ৰক্ষা পৰে ৰাইজ। পূর্বে উপায়ুক্তসকলে এক সীমিত পৰিসৰৰ মাজত কাম কৰিবলগীয়া হৈছিল যদিও এতিয়া পিছে বহুতো পৰিসৰ বৃদ্ধি হ’ল। মুখ্যমন্ত্রী ড° শৰ্মাই ডিফুত উপায়ুক্তসকলক একেখন মঞ্চত সমৱেত কৰোৱাৰ লগে লগে এক নতুন অধ্যায়ৰ সুচনা হ’ল। এতিয়া উপায়ুক্তৰ দায়িত্ব ভালেখিনি বৃদ্ধি পালে। মনোবলো বাঢ়িল। প্ৰতিটো বিষয়ত জবাবদিহি হ’বলৈ সাজু থাকিব পাৰিব। কাৰণ ৰাজনৈতিক হেঁচাবিহীনভাৱে কার্য সম্পাদন কৰিব পাৰিব। অসমবাসীয়েও এতিয়া প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমখনক আৰু এখোপ যাত্রাপথত আগুৱাই নিয়াৰ সমল লাভ কৰিব। নিশ্চয় ৰাইজৰ বাবে এয়া এক আশাৰ বতৰা।