উদ্যান শস্য খণ্ডৰ উন্নয়ণৰ বাবে উদ্যান শস্য সঞ্চালকালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া প্ৰচেষ্টাৰ প্ৰস্তাৱ

pc Telegraph India

উদ্যান শস্য খণ্ডৰ উন্নয়ণৰ বাবে উদ্যান শস্য সঞ্চালকালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া প্ৰচেষ্টাৰ প্ৰস্তাৱ

দিছপুৰ, বাৰ্ত্তাসেৱা – জিলা ভিত্তিক সুসংহত কাৰ্যক্ৰমনিকাৰ জৰিয়তে উদ্যান শস্য খণ্ডৰ উন্নয়ণৰ বাবে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰচেষ্টাত যোৱা ২১ ছেপ্টেম্বৰত এখন ভার্চুৱেল সভা অনুষ্ঠিত হয়। সভাত কৃষি মন্ত্ৰী অতুল বৰাই উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে লোৱা বিভিন্ন আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, উদ্যান শস্য খণ্ডই অসমৰ অৰ্থনীতিত এক নতুন মাত্ৰা প্ৰদান কৰিব পৰাকৈ বৰ্তমানৰ শিক্ষিত যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিব লাগিব। সেয়েহে কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ক এক উন্নত আৰু উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়। কৃষিমন্ত্ৰীগৰাকীয়ে বৰ্ত্তমান পৰিস্থিতিত কৃষক উৎপাদক সংস্থা (FPC)ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উক্ত FPC সমূহৰ জৰিয়তে বিভাগীয় আঁচনিসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে কৃষি বিষয়৷ তথা কৃষি বিজ্ঞান কেন্দ্র সমূহক আহ্বান জনায়। লগতে উদ্যান শস্যৰ দেশীয় আৰু বিদেশী বজাৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক উপযুক্ত কৃষি পদ্ধতি অৱলম্বন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° বিদ্যুৎ চন্দন ডেকাই অংশ গ্ৰহণ কৰি কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহক যুটীয়াভাৱে কৃষকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ উদ্যান শস্যৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডটিৰ উন্নয়নৰ বাবে মনোনিবেশ কৰিবলৈ সংশ্লিষ্ট আটাইলৈ আবেদন জনায়।

উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ যুটীয়৷ প্ৰচেষ্টাত উদ্যান শস্য খণ্ডই এক নতুন মাত্রা পাব বুলি আশা প্রকাশ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড” প্রসন্ন পাঠকে আঁত ধৰা উক্ত সভাত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ বিষয়াসকল আৰু অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ মুৰব্বীসকল উপস্থিত থাকে।