অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নৱম শ্ৰেণীৰ পৰা স্নাতক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ

pc Free Prees Journal

অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নৱম শ্ৰেণীৰ পৰা স্নাতক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত কয় যে অহা ১ অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নৱম শ্ৰেণী, একাদশ শ্ৰেণী আৰু স্নাতক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হʼব। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোভিডৰ সকলো বাধা উঠাই দি সম্পূৰ্ণ স্বাভাৱিক পৰিৱেশ গঢ়ি তোলা হʼব। কাজিৰঙাত থকা হোটেল সমূহো ১ অক্টোবৰৰ পৰা খোলাৰ অনুমতি প্ৰদান কৰা হʼব। অৱশ্যে হোটেললৈ থাকিব অহা পৰ্যটকে যদি কোভিড ভেকচিন লোৱা নাই তেতিয়াহʼলে তেওঁলোকক ওচৰৰ ভেকচিন কেন্দ্ৰলৈ নি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আন প্ৰান্তত দুই-তিনি শতাংশ বাধা-নিষেধ থাকিব যদিও কাজিৰঙা, পবিতৰা, মানসত বাধা-নিষেধ নাথাকে। শাৰদীয় দুর্গোৎসৱো এইবাৰ পালন কৰা হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ইয়াৰ বাবে প্ৰত্যেকে ভেকচিন লʼব লাগিব।