উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুনকৈ দুখন ভিষ্টাডোম ৰে’ল সেৱাৰ শুভাৰম্ভ 

pc Facebook

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুনকৈ দুখন ভিষ্টাডোম ৰে’ল সেৱাৰ শুভাৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ভিষ্টাডোম ৰে’ল সেৱাত পৰ্যটকৰ ব্যাপক সঁহাৰি লাভ কৰাত নতুনকৈ দুখন ভিষ্টাডোম ৰে’ল সেৱাৰ শুভাৰম্ভ কৰা হয়।এই উপলক্ষে গুৱাহাটী ষ্টেচনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গুৱাহাটী নাহৰলগুনৰ মাজত  চলিব লগা ভিষ্টাডোম ৰে’লৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক আৰু বস্ত্ৰমন্ত্রী দর্শনা জার্দোচ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইফালে নাহৰলগুন-তিনিচুকীয়াৰ মাজত চলিব লগা ভিষ্টাডোম ৰে’ল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নাহৰলগুন ষ্টেচনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। গুৱাহাটী ষ্টেচনত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী দৰ্শনা জার্দোচে ভাষণ প্রসংগত কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে তিনিখনকৈ ভিষ্টাডোম ৰে’ল অসম আৰু অৰুণাচলৰ মাজত চলাচলৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন এফ ৰে’লৱে কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।