উচ্চতম পৰিষদৰ সভাপতি পদত পৰেশ বৰুৱা

pc- timesof india

উচ্চতম পৰিষদৰ সভাপতি পদত পৰেশ বৰুৱা

অনলাইন বাৰ্ত্তাসেৱা- বিদ্ৰোহী সংগঠন আলফা(স্বা) এ সংগঠনটোৰ সংবিধানত উল্লেখ থকা ধৰণে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ আন্তঃগাঁথনি সাময়িকভাৱে স্থগিত কৰি সংগঠনটোৰ সাংগঠনিক দিশত গাঁথনিগত পৰিৱৰ্তন ঘটাইছে। নতুন পদক্ষেপ অনুসৰি আলফা(স্বা)ৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰীৰূপে গঠন কৰা হৈছে উচ্চতম পৰিষদ। সংগঠনচোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমক উচ্চতম পৰিষদৰ সভাপতিৰূপে দায়িত্ব দিয়া হৈছে। সংগঠনটোৱে সাংগঠনিক দিশত সালসলনি ঘটাই আলফা(স্বা)ক পৰিচালনা কৰাৰ বাবে তিলিটা পৰ্যায়ত তিনিখন পৰিষদৰ গঠন কৰিছে। ইয়াৰে প্ৰথম স্থানত উচ্চতম পৰিষদ দ্বিতীয় স্থানত উচ্চ পৰিষদ আৰু তৃতীয় স্থানত নিম্ন পৰিষদ আছে। পৰেশ বৰুৱাক উচ্চতম পৰিষদৰ সভাপতিৰূপে দায়িত্ব দিয়াৰ লগতে সদস্যৰ দায়িত্ব মাইকেল অসম আৰু নয়ন অসমক দিয়া হৈছে। আলফা(স্বা)ৰ সভাপতি অভিজিত অসমৰ পদত্যাগৰ পাছতে সংগঠনটোৱে নতুনকৈ গঠন কৰা এই তিনিখন পৰিষদৰ অন্যতম উচ্চ পৰিষদৰ সভাপতিৰ দায়িত্ব নয়ন অসমক দিয়া হৈছে। সদস্যৰূপে এ জেড শিৰোনাম অসম, অৰুণোদয় অসম আৰু সমীৰণ অসমক অন্তভূৰ্ক্ত কৰা হৈছে।  নিম্ন পৰিষদৰ সভাপতিক দায়িত্ব দিয়া হৈছে মেজৰ জেনেৰেল নয়ন অসমক। নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক পদত অৰুণোদয় অসম, সাংগঠনিক সম্পাদক পদত নয়ন অসম, বিত্ত সম্পাদক পদত অৰুণোদয় অসম, সাংস্কৃতিক সম্পাদক পদত সমীৰণ অসম, যুটীয়া সহকাৰী বিত্ত সম্পাদক পদত গণেশ অসম আৰু ৰূপম অসম, সহকাৰী বৈদশিক সম্পাদক পদত প্ৰাণময় অসম, সহকাৰী সাংগঠনিক সম্পাদক পদত তীব্ৰজিৎ অসম, সহকাৰী সাংস্কৃতিক সম্পাদক পদত দীপাংকৰ অসম, সহকাৰী প্ৰচাৰ সম্পাদক পদত বিজু অসম, কাৰ্যালয় পৰিচালক পদত সুজিত অসম আৰু জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ দুগৰাকী বিষয়াক নিম্ন পৰিষদৰ সদস্যৰুপে অন্তৰ্ভুক্ত কৰা হংব বুলি অৰুণোদয় অসম স্বাক্ষৰিত এক বিবৃতিযোগে আলফা(স্বা)নতুন কমিটী গঠনৰ কথা সদৰী কৰিছে।

 

(RT)