অসমৰ ভূখণ্ডৰ তথ্য আহৰণৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ

pc-Financial Express

অসমৰ ভূখণ্ডৰ তথ্য আহৰণৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ

অনলাইন বাৰ্ত্তাসেৱা- অসম চৰকাৰে লিডাৰ টেকনʼলʼজী ব্যৱহাৰ কৰি ৭৮ হেজাৰ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধত ৰাজ্যখনৰ সমূহ ভূমিৰ তথ্য ডিজিটেলাইজেচন কৰাৰ সিদ্ধান্ত লৈছে। অত্যাধুনিক প্ৰযুক্তিৰে জৰিয়তে প্ৰকৃততে বিমান অথবা হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা ৰাজ্যখনৰ আলোকচিত্ৰ সংগ্ৰহ কৰা হয় আৰু ইয়াৰ জৰিয়তে থ্ৰী-ডি পদ্ধতিৰে আলোকচিত্ৰ প্ৰত্যক্ষ কৰি ৰাজ্যখনৰ যিকোনো প্ৰান্তৰ যিকোনো কাম-কাজ নখপৰ্পণত ৰখাটো সম্ভৱপৰ হয়। এই অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ নতুন দিল্লীত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠানৱেবকছৰ সৈতে এক আলোচনাত মিলিত হৈ ৰাজ্যখনৰ ভূমিৰ নথি আৰু বনাঞ্চলৰ পৰিসীমাৰ প্ৰকৃত তথ্য ঠাৱৰ কৰিবলৈ ৰাজ্য চৰকাৰে থিৰাং কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত অনুষ্ঠিত এক সংবাদমেলত কয় যে এই প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত গুৱাহাটী পানী নিষ্কাশনতো সুবিধা হʼব। ৰাজ্যখনত কʼত কিমান ঘৰ আঠে, কʼত বনভূমিআছে সকলো তথ্য-পাতি সঠিকভাৱে ৰেকৰ্ড কৰাটো সম্ভৱপৰ হʼব।

 

(RT)