ইহলোক ত্যাগ শিক্ষাবিদ, সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ

pc Facebook

অনলাইন বাৰ্ত্তাসেৱা – ১৯৩২ চনৰ ১৫ জুন তাৰিখে জন্মগ্ৰহণ কৰা ড০ লক্ষ্মীনন্দন বৰাই আজি ইহসংসাৰ ত্যাগ কৰে আৰু ইয়াৰ লগে লগে অসমৰ লগতে ভাৰতেও হেৰুৱালে এগৰাকী ৰত্ন। ৮৮ বছৰ বয়ষত মৃত্যু বৰণ কৰা সাহিত্যিক জনাই কোভিডত ভোগি আছিল আৰু কোভিড-১৯ নিগেটিভ হোৱাৰ পিছত মৃত্যুক আকোৱালি লব লগা হয় তেওঁ।

ড০ বৰা এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। ‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। তেওঁ অৱসৰ গ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে। ১৯৮৮ চনত ‘পাতাল ভৈৰৱী’ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে অসম সাহিত্য সভাত ১৯৯৬ ৰ পৰা ১৯৯৭ চনলৈ সভাপতিত্ব কৰিছিল আৰু অসম পৰিকল্পনা আয়োগৰ এজন অন্যতম সদস্যও আছিল। ১৯৯৭ ৰ পৰা ২০০৩ চনলৈ অসম প্ৰদূষন নিয়ন্ত্ৰন বোৰ্ডৰো অধ্যক্ষ আছিল তেওঁ। ইয়াৰোপৰি গৰীয়সী নামে এখন মাহিলি আলোচনীৰ সম্পদনা কৰিছিল তেওঁ। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল । এনে এজন গল্পকাৰ, ঐপন্যাসিক তথা শিক্ষাবিদ বিষয়ে দুষাৰ কৈ শেষ কৰিব পৰা নাযায়। এই মহীৰূহ গৰাকীক আমাৰ ৰঙিলী বাৰ্তাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো।