ইয়াত এখন গাঁৱ আছিল – গকুল চৌধুৰী

Pc Magnific

ইয়াত এখন গাঁৱ আছিল

গকুল চৌধুৰী
হাকামা, ধুবুৰী

মা – দেউতাই কৈছিল
তাহানিতে হেনো ইয়াত এখন গাঁৱ আছিল
এদিন দুদিন কৰি বহুদিন নৈপৰীয়া
গাঁৱখনৰ বুকুত সূৰ্য নোলাল , ৰ’দে নাহাহিল
বৰষুণ সৰিল , নৈপানী বাঢ়িল , বানপানী
আহিল
পুৱাবেলা জাননী জনাই
দুপৰীয়া পথাৰ তিয়াই
গধূলি পদূলি চুই সন্ধিয়া ঘৰ সোমাল নমতা
আলহী হৈ ৷
শাওণ মাহৰ দুদিন দুৰাতি
ভোকে , পিয়াহে , লঘোণে ,অনাহাৰে উজাগৰে
নিৰবে – নিশব্দে এজনে আনজনৰ মুখলৈ চাই
অতিবাহিত হ’ল বৰ ভয়াবহ ক্ষণ  ৷
উটি গ’ল গোহালিৰ গৰুহাল
উটি গ’ল ভৰালৰ গুটিধান
ভাহি গ’ল হেঁপাহৰ  ঘৰখন
ভাহি গ’ল আপোন গাঁৱখন
হৃদয়ে হৃদয়ে সৃষ্টি হ’ল এবুকু দুখৰ কোলাহল  ৷
সেউজীয়াৰে ভৰা শস্য-শ্যামলা গাঁৱখনৰ বুকুত
সিদিনাখন নৈ গঢ়া খহিল
সেউজীয়াবোৰ হেৰাল
পথাৰৰ শস্য বিনষ্ট হ’ল
আশাৰ ফুলপাহ মৰহিল  , গৃহহীন হ’ল বহুজন
চৌদিশ -চৌপাশৰ পৰা ৰিণি ৰিণি ভাহি আহিল
সপোন ভগা মানুহৰ ক্ৰন্দন ৷
মানুহে সদায় হাঁহি -মাতি সুখত থকা গাঁৱখনৰ
বুকুত সিদিনাখন নামি আহিল মৃত্যু বিভিষীকা
মৰিশালিৰ নিস্তব্ধতাত
মুখৰ হাঁহি হেৰাল
মুখৰ মাত হেৰাল
হৃদয়বিদাৰক দৃশ্যত চকুৰে অশ্ৰু নিগৰিল
মনে-প্ৰাণে সৃষ্টি হ’ল এবুকু বিষাদৰ দাৱানল  ৷
মা – দেউতাই কৈছিল
তাহানিতে হেনো ইয়াত এখন গাঁৱ আছিল
এদিনাখন সকোলোৰে দুচকুৰ সন্মুখতে
মেঘে ঢকা আকাশত জোনটো কেনি লুকাল
পৃথিৱীৰ পৰা হঠাৎ গাঁৱখন কেনি হেৰাল ?