ইউৰো-২০২০ৰ ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ

pc The Hindu

অনলাইন বাৰ্ত্তাসেৱা – ইউৰো ২০২০ ৰ ছেমি ফাইনেলত অতিৰিক্ত সময়ৰ পিছত ইংলেণ্ডে ডেনমাৰ্কক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ইউৰো ফাইনেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। ডেনমাৰ্কৰ ফৰৱাৰ্ড খলুৱৈ মিক্কেল ডেমছগাৰ্ডে ৩০ মিনিটতেই প্ৰথটো গ’ল অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই ডেনমাৰ্কৰ ডিফেণ্ডাৰ চাইমনে ৩৯ মিনিটৰ নিজা গ’ল প’ষ্টত আত্মঘাটি গ’ল কৰে আৰু দুয়ো পক্ষই সমতা স্থাপন কৰে। খেলখনৰ অন্তিম সময়ত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে ১০৪ মিনিটত পেনাল্টিত ৰিবাউণ্ড গ’ল কৰে আৰু  বিজয়ৰ পথ সুচল কৰি তোলে।

(UD.)