ইংলেণ্ডৰ বিৰুদ্ধে ইটালীৰ ৩-২ গ’লত জয়লাভ

pc LADbible.jpg

অনলাইন বাৰ্ত্তাসেৱা – খেলখন অতিৰিক্ত সময়ৰ পিছত ১-১ গ’লত সমাপ্ত হয় আৰু ইংলেণ্ড আৰু ইটালীৰ হৈ গ’ল কৰে ক্ৰমে লিউক শ্ব আৰু লিওনাৰ্ডো বোনুচ্চিয়ে। ইউৰোপিয়ান চেম্পিয়নশ্বিপ ২০২০ৰ চেম্পিয়ন হিচাপে পৰিগণিত হৈছে ইটালী। লিউক শ্ব’য়ে ২ মিনিটৰ ভিতৰত এটা সুন্দৰ গ’লৰ প্ৰদৰ্শনেৰে ইংলেণ্ডক হাফ-টাইমত ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে। খেলখন অতিৰিক্ত সময়লৈ যোৱাৰ লগে লগে লিওনাৰ্ডো বোনুচ্চিয়ে সমতা অৰ্জন কৰে। ৰবাৰ্টো মানচিনিৰ দলটোৱে পেনাল্টিৰ জৰিয়তে ৱেম্বলেই ষ্টেডিয়ামত ইংলেণ্ডক পৰাস্ত কৰে। পেনাল্টি শ্বুট আউটত ইটালীয়ে ৩-২ গ’লত জয়লাভ কৰি তেওঁলোকৰ দ্বিতীয় ‘ইউৰো’ খিতাপ দখল কৰে।

(UD.)