আৰক্ষীৰ গুলীচালনাত উচ্ছেদস্থলীত সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতিৰ

pc Tribune India

আৰক্ষীৰ গুলীচালনাত উচ্ছেদস্থলীত সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতিৰ

অনলাইন বাৰ্ত্তাসেৱা – ছিপাঝাৰৰ ধলপুৰত অবৈধ দখলক কেন্দ্ৰ কৰি উচ্ছেদৰ বাবে যোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোকক উচ্ছেদ চলোৱাত বাধা প্ৰদান কৰি চৰ অঞ্চলৰ লোকে লাঠী-জোং-ইটাৰ টুকুৰাৰে আক্ৰমণ কৰে। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাহিৰ হোৱাত আৰক্ষীয়েও গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে আৰু ফলত উচ্ছেদস্থলীত সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতি। কেইবাগৰাকী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক আহত হোৱাৰ লগতে প্ৰতিবাদী বেদখলকাৰীৰো দুজন লোক নিহত হয়। উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে নিৰ্ধাৰিত স্থানত উচ্ছেদ চলাই দৰং জিলা প্রশাসনে ৪,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে প্ৰায় ৮০০ পৰিয়ালক উচ্ছেদ কৰিছিল। উক্তদিনাৰ উচ্ছেদ প্রক্রিয়া সম্পূর্ণ শান্তিপূর্ণভাৱে সম্পন্ন হোৱাৰ লগতে বেদখলকাৰী লোকসকলেও প্রশাসনৰ লগত সহযোগিতা কৰি নিজেই নিজৰ ঘৰ-দুৱাৰ ভাঙি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানলৈ স্থানান্তৰিত হৈছিল। সেই অনুসৰি ৰৈ যোৱা ভূমি উচ্ছেদৰ বাবে প্ৰশাসনৰ লোক মলুৱা ঘাটৰ পৰা সুসজ্জিত ৰূপত যন্ত্রচালিত নাৱেৰে কেইবাটাও জ’নত বিভক্ত হৈ আৰক্ষী-প্ৰশাসন আৰু ৰাজহ বিভাগৰ লোক উপস্থিত হৈছিল গৰুখুঁটি কৃষি প্ৰকল্পৰ দিষ্ট ভূমিত। দৰঙৰ উপায়ুক্ত প্ৰভাৱতী থাওছেন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ মধ্য পশ্চিম মণ্ডলৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিন্হাৰ উপৰি অসম আৰক্ষীৰ আইন শৃংখলা বিভাগৰ মহাপৰিদৰ্শক দীপক কেডিয়া আজি ধলপুৰত উপস্থিত হৈছিল । লক্ষণীয়ভাৱে ৩নং ধলপুৰৰ ২নং জ’নত সম্পূৰ্ণ শান্তিপূর্ণভাৱে উচ্ছেদ প্রক্রিয়া চলি থকাৰ সময়তে ৩নং ধলপুৰৰে ৩নং জ’নত আৰক্ষী আৰু প্ৰশাসনক উচ্ছেদত বাধা প্ৰদান কৰে বেদখলকাৰীসকলে। আনকি প্রায় তিনি হাজাৰ লোকে অৱস্থান কৰি আৰক্ষী-প্ৰশাসনৰ লোকক জনবসতিপূর্ণ এলেকাত প্ৰৱেশত বাধা দিয়ে। মূলতঃ উচ্ছেদিত লোকৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ পৰা নিশ্চিতভাৱে প্ৰতিশ্ৰুতি নোপোৱা পর্যন্ত উচ্ছেদ চলাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে।