আলোচনাৰে ছিয়াং বান্ধৰ উদ্বেগ সমাধান কৰা হ’বঃ কেন্দ্রীয় গৃহমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰস্তাৱিত আপাৰ ছিয়াং বহুমুখী প্ৰকল্পক লৈ সৃষ্টি হোৱাৰ ৰাইজৰ উদ্বেগ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব । এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ । শনিবাৰে বান্দৰদেৱাত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰে । চুবুৰীয়া ৰাজ্য অৰুণাচললৈ তিনিদিনীয়া ভ্রমণসূচীৰে শুকুৰবাৰে সন্ধিয়া ইটানগৰত উপস্থিত হৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। বৃহৎ নদীবান্ধক লে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্রতিবাদ, উদ্বেগ আৰু প্ৰতিক্রিয়া অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অৰুণাচল ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে। ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনৰ নিৰাপত্তা, সীমান্তৰ কৌশলগত গুৰুত্ব, উন্নয়নমূলক প্রকল্প, আন্তঃগাঁথনি আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে ছিয়াং আপাৰ মাল্টিপার্চ প্রজেক্ট (SUMP) সন্দর্ভত স্থানীয় জনসাধাৰণৰ সৈতে আলোচনাৰো আশ্বাস দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মন্ত্ৰীগৰাকীয়ে ছিয়াং বান্ধৰ সম্পৰ্কে আলোচনাৰ আশ্বাস দি কয় যে প্রকল্পটো কেৱল স্থানীয় লোকৰ আস্থাৰেহে আগবাঢ়িব। গৃহমন্ত্রীয়ে আদি জনগোষ্ঠীৰ উদ্বেগ স্বীকাৰ কৰি প্ৰগতিশীল আলোচনাৰ প্রতিশ্রুতি দিয়ে আৰু ক্ষতিগ্রস্ত লোকৰ সংস্কৃতি, পৰিচয় আৰু অধিকাৰ অগ্ৰাধিকাৰ হৈ থাকিব বুলি আশ্বাস দিয়ে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰস্তাৱিত ১১,২০০ মেগাৱাট শক্তিৰ ছিয়াং উচ্চ বহুমুখী প্রকল্প (SUMP)ক অৰুণাচল প্ৰদেশৰ উন্নয়ন আৰু ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰাৰ লগতে ছিয়াং অঞ্চলৰ বাসিন্দাসকলক আশ্বাস দিয়ে যে প্রকল্পটো কেৱল তেওঁলোকৰ আস্থা আৰু আলোচনাৰ জৰিয়তেহে আগবাঢ়ি যাব। পাপুমপাৰে জিলাৰ বান্দৰদেৱাৰ আৰক্ষী প্রশিক্ষণ কেন্দ্ৰত অৰুণাচল প্ৰদেশ আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ ৰং প্ৰদান কৰাৰ পিছত ভাষণ দি শ্বাহে কয় যে এই প্রস্তাবিত প্রকল্পই ভাৰতৰ শক্তি ক্ষমতা শক্তিশালী কৰিব আৰু ৰাজ্যৰ আয় বৃদ্ধি কৰিব। ছিয়াং অঞ্চলৰ বাসিন্দা বিশেষকৈ আদি সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত সৃষ্টি হোৱা উদ্বেগ সন্দর্ভত গৃহমন্ত্রীয়ে তেওঁলোকক আশ্বাস দিয়ে যে কেন্দ্রই প্রকল্পটোক কেন্দ্ৰ কৰি থকা আশংকাসমূহৰ সমাধানৰ বাবে প্ৰগতিশীল আলোচনাত মিলিত হ’ব। শ্বাহে কয় যে ‘মই মোৰ ছিয়াং ভাই-ভনীসকলক আশ্বস্ত কৰিব বিচাৰোঁ যে আমি আপোনালোকৰ সৈতে প্রগতিশীল আলোচনা কৰিম আৰু এই প্ৰকল্পৰ প্ৰতি আপোনালোকৰ আস্থা গঢ়ি তোলাৰ দিশত কাম কৰিম। যোগাযোগৰ জৰিয়তেহে আমি উদ্বেগসমূহৰ সমাধান বিচাৰি উলিয়াব পাৰিম। আপোনালোকে সেই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। স্থানীয় জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়, পৰম্পৰা, অধিকাৰ আৰু স্বাৰ্থৰ লগত আপোচ কৰা নহ’ব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। আপোনালোকৰ সংস্কৃতি আৰু ইয়াৰ লগত জড়িত সকলো বস্তুকে অগ্রাধিকাৰ হিচাপে ৰাখি আমি আগুৱাই যোৱাৰ পথ বিচাৰি পাম। ৰাজ্য চৰকাৰ আৰু গৃহ বিভাগৰ সৈতে সংযোগ স্থাপন কৰক আৰু যোগাযোগ কৰক। এই প্রকল্পটো অৰুণাচলৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ আৰু উন্নয়নৰ বাবে, আৰু আমি ইয়াক কেৱল আপোনালোকৰ আস্থাৰেহে আগুৱাই লৈ যাম। কেন্দ্রই জনসাধাৰণৰ অধিকাৰ আৰু পৰিচয়ৰ সৈতে আপোচ নকৰে। শ্বাহে এই প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰাসকললৈ দেশৰ অন্যতম শ্রেষ্ঠ পুনর্বাসন আৰু পুনৰ সংস্থাপনৰ পেকেজ লাভ কৰিব বুলিও আশ্বাস দিয়ে। তেওঁ এই প্রকল্পৰ বিৰোধিতা কৰা বাসিন্দা আৰু সংগঠনসমূহক অধিক আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়। অৰুণাচল প্ৰদেশৰ উন্নয়নৰ সম্ভাৱনা, দেশৰ শক্তি সুৰক্ষা আৰু ৰাজ্যৰ অৰ্থনৈতিক আৰু নিৰাপত্তা স্বাৰ্থৰ কথা উল্লেখ কৰি শ্বাহে কয় যে এই সকলোবোৰ দিশ আৰু স্থানীয় জনগোষ্ঠীসমূহৰ আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি চৰকাৰ সচেতন । তেওঁ কয়, স্থানীয় সংস্কৃতিৰ প্ৰতি আপোনাৰ মনত যিমান সন্মান আছে একে সন্মান মোৰ আৰু আমাৰ চৰকাৰৰ মনতো আছে । আমি এই অঞ্চলৰ পৰম্পৰা, সংস্কৃতি, ধৰ্মৰ সৈতে আপোচ নকৰাকৈ আগবাঢ়ি যাম । অমিত শ্বাহে লগতে কয়, “কাশ্মীৰৰ পুলৱামাত লস্কৰ-ই-তৈবাৰ অন্তিম সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । আজি এটাও স্থানীয় সন্ত্ৰাসবাদী নাই; যিসকল বাকী আছে সকলো বিদেশী সন্ত্ৰাসবাদী ।” তেওঁ সন্ত্ৰাসবাদৰ সমস্যা শীৰ্ষত থকা নব্বৈৰ দশকৰ কাশ্মীৰৰ পৰিস্থিতিৰ কথাও স্মৰণ কৰে । তেতিয়াও নিৰাপত্তা বাহিনীয়ে সমগ্ৰ উপত্যকাটোক একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছিল । এই প্ৰসংগত শ্বাহে উল্লেখ কৰে যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত জম্মু-কাশ্মীৰত বিচ্ছিন্নতাবাদৰ আৱেগ সমাপ্ত হৈছে । তেওঁ উল্লেখ কৰে যে ১৮৬৩ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ লগতে কয় যে অৰুণাচল আৰক্ষীয়ে আভ্যন্তৰীণ নিৰাপত্তা, উগ্ৰপন্থী আৰু চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত এক উৎকৃষ্ট কাম কৰি আছে । অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান বঁটা প্ৰদান কৰে । উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ নিচান বঁটা ভাৰতৰ যিকোনো আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । ৰাজ্যৰ ৰাজধানী ইটানগৰৰ সমীপৰ বান্দৰদেৱাত অনুষ্ঠিত অনুষ্ঠানতে এই সন্মান প্ৰদান কৰা হয় । ই আৰক্ষী বাহিনীৰ বিশিষ্ট সেৱা, পেছাদাৰী উৎকৃষ্টতা আৰু আইন-শৃংখলা বজাই ৰখাৰ প্ৰতি নিষ্ঠাক স্বীকৃতি দিয়ে । অনুষ্ঠানত কেইবাটাও ইউনিটে আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ৰাজ্যৰ গৃহ মন্ত্ৰী মামা নাটুং আৰু আৰক্ষী সঞ্চালক প্ৰধান ৰাজেশ কুমাৰকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, উপ-মুখ্যমন্ত্ৰী চৌনা মিন আৰু কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনো উপস্থিত থাকে ।
