আমাৰ ব্যক্তিত্বৰ ৰহস্যময় বহুৰূপ – প্ৰেম বৈষ্ণৱ

Pc Unsplash

আমাৰ ব্যক্তিত্বৰ ৰহস্যময় বহুৰূপ

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

মানৱ জীৱনৰ আটাইতকৈ গভীৰ আৰু ৰহস্যময় দিশটোৱেই হ’ল মানুহৰ নিজৰ ব্যক্তিত্ব। আমি যি বিৰাট জগতৰ বুকুত বিচৰণ কৰি আছোঁ, সেই জগতখনতকৈও অধিক বিশাল আৰু দুৰ্বোধ্য হ’ল আমাৰ অন্তৰজগত। মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা ধৰ্ম, দৰ্শন, মনোবিজ্ঞান আৰু বিজ্ঞানে এটা মৌলিক প্ৰশ্নৰ উত্তৰ বিচাৰি এক নিৰন্তৰ যাত্ৰা অব্যাহত ৰাখিছে, আচলতে ‘মই কোন’? এই প্ৰশ্নটোৱে অস্তিত্বৰ একেবাৰে গভীৰতম প্ৰদেশক চুই যায়। আমি প্ৰায়েই অনুভৱ কৰোঁ যে আমাৰ ব্যক্তিত্ব কোনো স্থিৰ বা একক সত্তা নহয়, ব্যক্তিত্ব হ’ল সময়, পৰিস্থিতি আৰু সমাজৰ বিভিন্ন স্তৰত উন্মোচিত হোৱা এক বহুমুখী ৰূপৰ বিচিত্ৰ সমাহাৰ। সমাজৰ চকুত আমাৰ এটা পৰিচয় থাকে, পৰিয়ালৰ মাজত অন্য এটা আৰু আমাৰ অতি ব্যক্তিগত নিসংগ মুহূৰ্তবোৰত সম্পূৰ্ণ বেলেগ এটা স্বৰূপ প্ৰকাশ পায়। এই ভিন্নমুখী ৰূপবোৰৰ মাজৰ যি দ্বন্দ আৰু সমন্বয়, সেয়াই আমাৰ ব্যক্তিত্বক এক জটিল প্ৰহেলিকা কৰি তোলে।

আমি সমাজৰ এক অবিচ্ছেদ্য অংগ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো খোজতে লোকৰ দৃষ্টিৰ মুখামুখি হ’বলগীয়া হয়। আচৰিত কথা এয়ে যে প্ৰতিজন মানুহৰ বাবে আমাৰ ব্যক্তিত্বৰ একোখন পৃথক ছবি নিৰ্মিত হয়। এজন বন্ধুৰ বাবে আমি হয়তো অত্যন্ত উদাৰ, কিন্তু সেই একেজন মানুহেই আন এজনৰ চকুত হয়তো অত্যন্ত কটুভাষী বা অহংকাৰী। আচলতে আনে আমাক কেনেকৈ গ্ৰহণ কৰিছে, সেয়া বহুলাংশে তেওঁলোকৰ নিজৰ মানসিক অৱস্থা আৰু জীৱনৰ অভিজ্ঞতাৰ ওপৰতহে নিৰ্ভৰ কৰে। যিগৰাকী ব্যক্তি নিজেই সুখী, তেওঁ আনৰ মাজত ইতিবাচকতা বিচাৰি পায়, আনহাতে হতাশাগ্ৰস্ত ব্যক্তিয়ে আনক সদায় সন্দেহৰ চকুৰে বিচাৰ কৰে। এইদৰেই আমাৰ ব্যক্তিত্ব লোকৰ নিজা দৃষ্টিভংগীৰ দাপোণত প্ৰতিফলিত হৈ একোটা বিশেষ ৰূপ ধাৰণ কৰে।

মানুহৰ ব্যক্তিত্ব কোনো স্থিৰ পুখুৰীৰ পানী নহয়, আচলতে ব্যক্তিত্ব হ’ল এক প্ৰৱাহমান নদীৰ দৰে গতিশীল। আমি প্ৰতিটো ক্ষণতে সলনি হওঁ, কিন্তু আমাৰ মূল সত্তা একে থাকে। এই পৰিৱৰ্তনবোৰ কোনো প্ৰতাৰণা নহয়, বৰঞ্চ জীয়াই থাকোঁতে নিজক খাপ খুৱাই লোৱাৰ এক প্ৰক্ৰিয়াহে। শৈশৱৰ সৰলতা, যৌৱনৰ কঠিন বাস্তৱ আৰু বাৰ্ধক্যৰ নতুন আৱিষ্কাৰে আমাক ভিন ভিন চৰিত্ৰত অভিনয় কৰিবলৈ বাধ্য কৰে। কেতিয়াবা আমি দায়িত্বশীল পিতৃ, কেতিয়াবা আজ্ঞাবহ সন্তান, কেতিয়াবা নিৰ্ভীক যোদ্ধা আৰু কেতিয়াবা এজন অসহায় যাত্ৰী। এই প্ৰতিটো ৰূপেই আমাৰ ব্যক্তিত্বৰ একোটা অবিচ্ছেদ্য অংশ।

সমাজত বাস কৰিবলৈ হ’লে আমি কিছুমান নিয়ম মানি চলিব লাগে। বহু সময়ত আমি আমাৰ প্ৰকৃত আৱেগবোৰ লুকুৱাই ৰাখি এখন কৃত্ৰিম মুখা পিন্ধি থাকিবলৈ বাধ্য হওঁ। এই মুখাবোৰ আমাৰ ব্যক্তিত্বৰ আচল ৰূপ নহয়, ই হ’ল আমাৰ নিৰাপত্তা তন্ত্ৰ। যেতিয়া আমি কোনো উদ্ধত মানুহৰ মুখামুখি হওঁ, আমাৰ ভিতৰৰ প্ৰতিৰক্ষা প্ৰণালী সক্ৰিয় হৈ উঠে আৰু আমি বিদ্ৰোহী হৈ পৰোঁ। তেতিয়া সমাজে আমাক অভদ্ৰ বুলি বিচাৰ কৰিবলৈ লয়। তেওঁলোকে আমাৰ সেই মুহূৰ্তৰ প্ৰতিক্ৰিয়াটোক আমাৰ স্থায়ী পৰিচয় বুলি ভুল কৰে। ইয়াত চৰিত্ৰৰ পৰিৱৰ্তন ঘটা নাই, বৰঞ্চ পৰিস্থিতিৰ প্ৰয়োজনত আমাৰ আচাৰ-ব্যৱহাৰৰহে পৰিৱৰ্তন ঘটিছে।

বৰ্তমানৰ অতিমাত্ৰা প্ৰতিযোগিতামূলক সমাজখনত আমি নিজৰ স্বকীয়তা ৰক্ষা কৰিবলৈ অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছে। সমাজৰ ধাৰণা আৰু লোকৰ মতামতৰ দ্বাৰা আমি ইমানেই প্ৰভাৱিত হওঁ যে আমাৰ অন্তৰাত্মাই কি বিচাৰে, সেয়া ক্ৰমান্বয়ে পাহৰি যাওঁ। আমি আনক সন্তুষ্ট কৰিবলৈ যাওঁতে নিজৰ মাজত থকা সেই সৰল শিশুটোক নিৰ্যাতন কৰোঁ। কিন্তু ব্যক্তিত্বৰ মূল ভেটিটো হৈছে নিজৰ প্ৰতি থকা অটল বিশ্বাস আৰু সততা। যেতিয়ালৈকে আমি নিজৰ সিদ্ধান্ত নিজে লোৱাৰ সাহস গোটাব নোৱাৰোঁ, তেতিয়ালৈকে আমি লোকৰ নিৰ্দেশনাত চলা একোটা যন্ত্ৰৰ দৰেই হৈ থাকিম।

মানুহৰ মনৰ জগতখনত শব্দতকৈ মৌনতাৰ প্ৰভাৱ বেছি। এজন মানুহে হয়তো আমাৰ মৌনতাক অহংকাৰ বুলি ভাবিব পাৰে, কিন্তু আন এজনৰ বাবে সেই একে মৌনতাই গভীৰ চিন্তাশীলতাৰ চিন হ’ব পাৰে। আমি যি বাৰ্তা সমাজলৈ প্ৰেৰণ কৰোঁ, মানুহে তাৰেই এক প্ৰতিলিপি আমালৈ ঘূৰাই দিয়ে। অৱশ্যে সমাজৰ একাংশ লোকে উদাৰতাক দুৰ্বলতা বুলি ভুল কৰে। তেনে ক্ষেত্ৰত নিজক ৰক্ষা কৰিবলৈ আকৌ ব্যক্তিত্বৰ এটা কঠোৰ ৰূপ প্ৰকাশ কৰিবলৈ আমি বাধ্য হওঁ। এনে ভুল ধাৰণাবোৰক গুৰুত্ব নিদি নিজৰ নৈতিক পথত অটল থকাটোৱেই হ’ল প্ৰকৃত ব্যক্তিত্বৰ পৰিচয়।

আমাৰ প্ৰত্যেকৰে ব্যক্তিত্ব একোটা বিশাল পুথিভঁৰালৰ দৰে। এই পুথিভঁৰালৰ ৰেকবোৰত হাজাৰ হাজাৰ অসম্পূৰ্ণ কাহিনী, গোপন বেদনা আৰু হেৰুৱা সপোনবোৰ সংগোপনে শুই আছে। বেছিভাগ মানুহেই আমাক কেৱল এজন ব্যক্তি হিচাপে দেখে, যিদৰে কোনোবাই কিতাপ এখনৰ বেটুপাতটো দেখে। তেওঁলোকে আমাৰ অন্তৰৰ গভীৰতাত চলি থকা সেই তীব্ৰ সংগ্ৰামখন পঢ়িবলৈ চেষ্টা নকৰে। যিদিনা আমি আমাৰ নিজৰ শক্তি আৰু সীমাবদ্ধতা – দুয়োটাকে সমান মৰ্যাদাৰে গ্ৰহণ কৰিবলৈ শিকিম, সিদিনাই আমি প্ৰকৃত স্বাধীনতাৰ সোৱাদ পাম। এই স্বাধীনতা হ’ল এক মানসিক অৱস্থা, য’ত লোকৰ কোনো বিৰূপ মন্তব্যই আমাক সহজে আহত কৰিব নোৱাৰিব।

ব্যক্তিত্বৰ বিকাশ হ’ল এক আজীৱন চলি থকা প্ৰক্ৰিয়া। ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যোৱাটোহে মানসিক পৰিপক্কতা। এজন পৰিপক্ক ব্যক্তিৰ ব্যক্তিত্বত এটা বিশেষ গুণ থাকে, সেয়া হ’ল সহনশীলতা। তেওঁ জানে যে পৃথিৱীখনৰ প্ৰতিটো বস্তুৱেই আপেক্ষিক। লোকৰ ঘৃণা বা প্ৰশংসাই তেওঁক বিচলিত কৰিব নোৱাৰে। তেওঁ নিজৰ মাজতেই এক অসীম শান্তি বিচাৰি পায়। আমাৰ ব্যক্তিত্বৰ এই বহুৰূপবোৰক আমি শত্ৰু বুলি নাভাবি এইবোৰক আমাৰ সমৃদ্ধিৰ সম্পদ হিচাপে গ্ৰহণ কৰিব লাগে।

ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশৰ বাবে এক স্পষ্ট লক্ষ্য থকাটো অত্যন্ত জৰুৰী। যিগৰাকী ব্যক্তিৰ জীৱনৰ এক মহান উদ্দেশ্য থাকে, তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো কাৰ্যত সেই উদ্দেশ্য প্ৰতিফলিত হয়। তেওঁৰ সাহস, ধৈৰ্য আৰু একাগ্ৰতাই তেওঁক আন দহজনৰ পৰা পৃথক কৰি তোলে। আমাৰ ব্যক্তিত্বৰ প্ৰকৃত সৌন্দৰ্য নিহিত থাকে আমাৰ মানৱীয় প্ৰমূল্যসমূহৰ মাজত। সততা, দয়া, ক্ষমা আৰু উদাৰতা – এইবোৰেই হ’ল ব্যক্তিত্বৰ আচল অলংকাৰ। বুদ্ধিমান হোৱাতকৈ দয়ালু হোৱাটো বেছি কঠিন কাম, কাৰণ দয়াৰ বাবে লাগে এক বিশাল হৃদয়।

আমাৰ ব্যক্তিত্বৰ ৰহস্যময় বহুৰূপবোৰক পৰিচালনা কৰিবলৈ হ’লে আৱেগিক বুদ্ধিমত্তাৰ প্ৰয়োজন। আমি জানিব লাগিব কেতিয়া কোমল হ’ব লাগে আৰু কেতিয়া কঠোৰ হোৱাটো জৰুৰী। আত্ম-নিয়ন্ত্ৰণ অবিহনে ব্যক্তিত্বৰ এই বহুমুখী ৰূপবোৰে জীৱনত বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে। দিনটোৰ সকলো ব্যস্ততাৰ অন্তত যেতিয়া আমি নিসংগ হওঁ, তেতিয়াই আমি আমাৰ প্ৰকৃত স্বৰূপটোৰ মুখামুখি হওঁ। সেই নিসংগতাৰ সময়খিনিয়েই হ’ল আত্ম-বিশ্লেষণৰ শ্ৰেষ্ঠ সময়। যিজন ব্যক্তিয়ে নিজৰ লগত সময় কটাই ভাল পায়, তেওঁৰ ব্যক্তিত্ব সদায় গভীৰ হয়।

সামৰণিত ক’ব পাৰি যে আমাৰ ব্যক্তিত্বৰ এই বহুৰূপী সত্তা কোনো অভিশাপ নহয়, বৰঞ্চ ই আমাক এজন অনন্য মানুহ কৰি গঢ়ি তোলাৰ এক অপূৰ্ব মাধ্যমহে। আমি সমাজৰ বাবে হয়তো এটা চুটি কাহিনী হ’ব পাৰোঁ, কিন্তু নিজৰ বাবে আমি প্ৰত্যেকেই একোখন জীৱন্ত মহাকাব্য। যিদিনা আমি নিজক সম্পূৰ্ণভাৱে গ্ৰহণ কৰিবলৈ শিকিম, সিদিনাই আমি প্ৰকৃত স্বাধীনতাৰ সোৱাদ পাম। আমাৰ ব্যক্তিত্বৰ এই বহুৰূপ অৱশেষত আমাৰেই আটাইতকৈ ডাঙৰ সম্পদ হৈ পৰিব আৰু ইয়েই আমাক মানৱ সমাজৰ বুকুত এক অমৰ আৰু অৰ্থবহ পৰিচয় প্ৰদান কৰিব।