আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে “সমৃদ্ধি মেলা”

pc The Print

আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে “সমৃদ্ধি মেলা”

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান [DAY NULM], মহানগৰ মিছন ব্যৱস্থাপনা গোট, গুৱাহাটী পৌৰনিগমৰ [জিএমচি] অধীনত আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে আজি “সমৃদ্ধি মেলা” গুৱাহাটীৰ দীঘলীপুখৰী পাৰ্কত শুভাৰম্ভ কৰা হয়।
এই উপলক্ষে অনুষ্ঠিত এক সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে। সভাত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আত্ম-সহায়ক গোটসমূহ আৰু মহিলা সদস্যসকলক উদেশ্যি শুভেচ্ছামূলক বক্তব্য ৰাখে। তাৰোপৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰা কেইবাটাও আত্মসহায়ক গোটক দক্ষতাৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়। “সমৃদ্ধি মেলা”ৰ মুখ্য উদেশ্যে হৈছে GMCj DAY NULM ৰঅধীনত আত্মসহায়ক গোটৰ মহিলাসকলৰ বহনক্ষম সামাজিক আৰু অৰ্থনৈতিক উন্নতি সম্পৰ্কীয় বিভিন্ন পদক্ষেপৰ জৰিয়তে মহিলা সৱলীকৰণ কৰা। আজিৰ “সমৃদ্ধি মেলা”ত আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী মেখেলা চাদৰ, খাদ্য সামগ্ৰী, গহনা, আলংকাৰিক সামগ্ৰী আদি প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে।