আন্তৰিক
মোৰ ভালপোৱা বোৰ
সৌ উপচি পৰা আকাশৰ জোনাকৰ দৰে
আৰু ভাল লগা বোৰ ঠিক
মোৰ হৃদয়ৰ শব্দ কেইটাৰ দৰেই
আৰু তোমাৰ হৃদয়ৰ উত্তাপৰ দৰে
এৰা… ভাল লগা আৰু ভালপোৱাৰো
দাম আছে, জানানে কিমান?
ঠিক আকাশৰ সমান সেই দাম
কিজানিবা
আকাশ উপচি পৰা সেই জোনাকৰ সমান
মানসী মিশ্ৰ