আই এছ এছ এফ শ্বুটিং বিশ্বকাপত সৌৰভ চৌধুৰীৰ স্বৰ্ণ জয়

pc Nagaland Page

আই এছ এছ এফ শ্বুটিং বিশ্বকাপত সৌৰভ চৌধুৰীৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  কায়ৰোত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত জাৰ্মানীৰ মাইকেল শ্ৱাল্ডক পৰাস্ত কৰি ভাৰতৰ ১৯ বছৰীয়া সৌৰভ চৌধুৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰে। প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক ৰাছিয়াৰ আৰ্টেম চেৰনুচভে জিকিছিল। ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ চলিত যুদ্ধৰ বাবে আৰ্টেমৰ নামৰ ওচৰত ৰাছিয়াৰ পতাকা আৰু দেশৰ নাম আঁতৰোৱা হৈছিল।