অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ ছোনিয়া-ৰাহুল গান্ধীক সাক্ষাৎ

pc- The Sentinel Assam

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ ছোনিয়া-ৰাহুল গান্ধীক সাক্ষাৎ

অনলাইন বাৰ্ত্তাসেৱা– নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিনিগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থই নতুন দায়িত্ব লোৱাৰ পাছতে সাক্ষাৎ কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক নিজ বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে যদিও ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে আলোচনা কৰে। এই আলেচনাত ৰাজ্যত আগন্ত্তক সময়ত কেইবাটাও সমষ্টিত হʼব লগা উপ-নিৰ্বাচনৰ প্ৰসংগয়ো ঠাই পায়।কংগ্ৰেছৰ নেতা দুজনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সকলোকে লগত লৈ দলীয় সংগঠন মজবুত কৰি নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

 

(R.T)