অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন

PC - The Janambhumi

অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা – অসমৰ ভূমিত মিঞাৰ নাম লৈ সংগ্ৰহালয়, সংগঠন আদি প্ৰতিষ্ঠা কৰি এচামে লাখ লাখ লোকক জাতিৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বিশেষকৈ নামনি অসমৰ গোৱালপাৰাত শেহতীয়াকৈ ‘মিঞা মিউজিয়াম’ খুলি কেইজনমান বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা মুছলমানসকলৰ অধিকাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে। সেয়ে থলুৱা মুছলমানসকলে এনে কু-অভিসন্ধিত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে একত্ৰিতভাৱে মাত মাতিবলৈ আগবাঢ়ি আহিব লাগে। দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদৰ নেতৃবৃন্দই এইদৰে কয়। সংবাদ মেলত গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে কয় যে দেশ বিভাজন আৰু শৰাইঘাটৰ ৰণৰ কথা আমি পাহৰি যোৱা নাই। অসমীয়াৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহাসিক সমল মিঞা মিউজিয়ামত অন্তৰ্ভুক্তিৰ ছলেৰে চুৰি কৰা কাৰ্য বন্ধ কৰিব লাগিব। নিজকে মিঞা বুলি জাহিৰ কৰি ফুৰাসকলে নিজৰ বুলি ভবাখিনি চৰকাৰৰ ওচৰত উপস্থাপন কৰক । সেইবোৰ সংৰক্ষণ কৰিবলৈ চৰকাৰক গৰিয়াসকলেও হেঁচা প্ৰয়োগ কৰিব। কিন্তু মিঞা মিউজিয়ামত অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ সামগ্ৰী ভৰাবলৈ দিয়া নহ’ব। ইপিনে, সংবাদ মেলত মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলীয়ে মিঞা মিউজিয়ামৰ সপক্ষে মাত মতা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে শ্বেৰমানে কাল্পনিক মিঞালেণ্ডৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি সৰ্বসাধাৰণ লোকক বিপথে পৰিচালিত কৰিছে। বিশেষকৈ পূৰ্ববংগীয় মূলৰ লোকক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে।