অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ২১গৰাকী শিক্ষকক গ্ৰেপ্তাৰ

pc- Time8

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ২১গৰাকী শিক্ষকক গ্ৰেপ্তাৰ

অনলাইন বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি)-এ বিভিন্ন প্রান্তত অভিযান চলাই জালিয়াতিৰে চাকৰি লোৱা ২১ গৰাকী টেট শিক্ষকক গ্ৰেপ্তাৰ কৰে। তদন্তকাৰী সংস্থাটোৱে জালিয়াতিত লিপ্ত ৩৬ টেট শিক্ষকক চিনাক্ত কৰিছিল। ইয়াৰে ২১ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰু ১৪ টেট শিক্ষক শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। বিটিচি শিক্ষা সঞ্চালকালয়ৰ অধীনত বি টি আৰৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিপ্রাপ্ত এই টেট শিক্ষকসকলৰ জালিয়াতিৰ বহু বিস্ফোৰক তথ্য চি আই ডিৰ অনুসন্ধানত ইতিমধ্যে পোহৰলৈ আহিছে। কোকৰাঝাৰস্থিত বিটিচি শিক্ষা সঞ্চালকালয়ত টেটত উত্তীৰ্ণ হোৱাৰ ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰিছিল। চিআইডিৰ উপ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে জালিয়াতিত লিপ্ত টেট শিক্ষকক গ্ৰেপ্তাৰ সন্দৰ্ভত বর্তমান পর্যন্ত ২১ টেট শিক্ষকক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে। টেট শিক্ষকৰ এই জালিয়াতিৰ তদন্ত কেৱল বিটিআৰৰ ভিতৰতে সীমাবদ্ধ ৰাখিব খোজা নাই। তেওঁ লগতে কয় এই তদন্ত প্ৰক্ৰিয়া সমগ্ৰ অসমলৈ সম্প্ৰসাৰিত কৰিব। বিটিচি প্রশাসনে শেহতীয়াকৈ ১,৪০০ টেট শিক্ষকৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু সেই বিজ্ঞাপনমৰ্মে যোৱা ১২ আগষ্টত বিটিচি শিক্ষা সঞ্চালকালয়ৰ অধীনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৮৫১টা শিক্ষক পদত নিযুক্তি প্রক্রিয়া সম্পন্ন হৈছিল। এই শিক্ষকসকলক নিযুক্তি দিয়াৰ পাছতে একাংশই জালিয়াতিৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগ উঠে। এই অভিযোগৰ ভিত্তিত বিটিচি শিক্ষা সঞ্চালকালয়ে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সৈতে যোগাযোগ কৰে। পৰৱৰ্তী সময়ত বিটিচি শিক্ষা সঞ্চালকে যোৱা ২৪ ছেপ্টেম্বৰত সন্দেহজনক শিক্ষকৰ এখন ৫২জনীয়া তালিকা প্ৰকাশ কৰি তেওঁলোকৰ নথি-পত্ৰসমূহ পুনৰীক্ষণৰ পদক্ষেপ লয়। সন্দেহজনক শিক্ষকসকলক নথি-পত্ৰ পুনৰীক্ষণৰ বাবে  বিটিচি শিক্ষা সঞ্চালকে যোৱা ২৮ ছেপ্টেম্বৰত তলব কৰিছিল। এই নির্দেশমর্মে ৩০জন শিক্ষকে সেইদিনা বিটিচি শিক্ষা সঞ্চালকৰ ওচৰত হাজিৰ হৱঃফ্ন। বাকীসকলেও পৰৱৰ্তী সময়ত নিৰ্দেশনামর্মে বিটিচি শিক্ষা সঞ্চালকৰ সন্মুখত উপস্থিত হৈছিল। নথি-পত্ৰ পুনৰীক্ষণৰ সময়ত ৩৬জন শিক্ষকৰ জালিয়াতি ধৰা পৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ এই জালিয়াতি কাণ্ড সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰাৰ লগতে তদন্তৰ বাবে নির্দেশ দিয়ে চি আই ডিক।