অসমীয়াৰ স্বাভিমান চেলেঙত ২৮ খন ৰাজ্যৰ ভাষা,প্ৰতীক চিহ্ন অংকন নগাঁৱৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ এমাহ যোৰা কষ্টৰ ফল

অসমীয়াৰ স্বাভিমান চেলেঙত ২৮ খন ৰাজ্যৰ ভাষা,প্ৰতীক চিহ্ন অংকন নগাঁৱৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ এমাহ যোৰা কষ্টৰ ফল

ৰঙিলী বাৰ্ত্তাসেৱা-  আনুষ্ঠানিক শিক্ষা অবিহনে অসমীয়াৰ স্বাভিমান চেলেঙত চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে নগাঁৱৰ এগৰাকী যুৱতী।এই চিত্ৰখন অংকন কৰিছে চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে৷নগাঁৱৰ বিৰহ বেবেজীয়াৰ জ্যোতিকা দেৱীয়ে চেলেঙত অংকন কৰিছে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজৰ নিজৰ ল’গ’ আৰু জাতীয় প্ৰতীক।অসমীয়াৰ স্বভিমান চেলেঙত ৰং তুলিকাৰে ২৮ খন ৰাজ্যৰ ভাষা আৰু প্ৰতীক চিহ্ন অংকন কৰিছে৷এই বিশেষ চিত্ৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ পৰা আৰম্ভ কৰি মহামানব মহাত্মা গান্ধী,অসমৰ কামাখ্যা মন্দিৰ,দেশৰ বিভিন্ন ঐতিহ্যাসিক স্থানকো অংকন কৰা হৈছে৷ছাত্ৰীগৰাকীয়ে “ভাৰত মাতা কি জয়“-শীৰ্ষক নামেৰে অংকন কৰা চিত্ৰখনৰ জৰিয়তে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ বিষয়ত সম্যক জ্ঞান আহৰণ কৰাত সুবিধা হ’ব৷চিত্ৰ অংকনৰ কোনো প্ৰশিক্ষণ নোলোৱা জ্যোতিকাই মেডিকেলৰ প্ৰবেশ পৰীক্ষা দি উঠি আজৰি সময়ত নিতৌ ৭ৰ পৰা ৮ ঘন্টাকৈ সময় অংকন কৰিছিল এই চিত্ৰ।এই চিত্ৰখনে ২৮ খন ৰাজ্যৰ বিচিত্ৰতাৰ মাজত একতাক প্ৰতিফলিত কৰিছে৷