অলা-উৱেৰ বন্ধ নহয় মহানগৰীত

pc-Entrackr

 অলা-উৱেৰ বন্ধ নহয় মহানগৰীত

অনলাইন বাৰ্ত্তাসেৱা– অল আছাম কেব অপাৰেটছ ইউনিয়নে কোনো ধৰণৰ বন্ধ বা বৰ্জনৰ কাৰ্যসূচীত সহযোগ আগবঢ়োৱা নাই আৰু  ১ আগষ্টৰ পৰা মহানগৰীত অলা-উৱেৰ সেৱা পূৰ্বৰ দৰেই বাহাল থাকিব। অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে কেবচালকসকলে নতুন প্ৰতিষ্ঠানৰ লগত গোপন বুজাবুজি কৰি চালকসকলৰ লগতে বাহনসমূহক অন্তভুৰ্ক্ত কৰোৱাইছিল কিন্তু পাছত পুনৰ সেই প্ৰতিষ্ঠানসমূহৰ পৰা বাহন তথা চালকসকল অলা-উৱেৰ প্ৰতিষ্ঠানত উভতি আহে। অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নে চালক তথা মালিকসকলৰ অৱস্থা তথৈবচ হৈছে বুলি অভিযোগ উত্থাপন কৰে। সেয়েহে পুনৰ অলা-উবেৰচালকসকলক এই চক্ৰৰ কবলত নপৰিবলৈ আহ্বান জনাই ।

(R.T)