অন্য এক একলব্য – অঞ্জুমণি শইকীয়া 

pc Pixabay

অণুগল্প 

 অন্য এক একলব্য 

“ মা , আজিৰ পৰা বোৱাৰীবোৰৰ লগত মোকও গীত শিকাব দেই ৷’’

“ তহঁত মহানগৰৰ মানুহে ক’ত গাব পাৰিবি ? চুৱা – নিকা , নীতি – নিয়ম একো নাই ৷’’

কেঁচুৱাটোক শুৱাওঁতে তাই গুণ- গুণাবলৈ ল’লে ৷

“ — — বৰগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে শ্ৰীমতী —- ৷’’

“ শাহুৱেকেই নামতী , বোৱাৰী নহ’ব কিয় !’’ — কণ্ঠস্বৰটো কৰ্ণ কুহৰত পৰিল ৷

চলচলীয়া চকুযুৰিৰে কোলাত কেঁচুৱাটো লৈ পুৰস্কাৰটো ল’বলৈ তাই মঞ্চলৈ আগবাঢ়িল ৷

– অঞ্জুমণি শইকীয়া 
যোৰহাট , মালৌ- আলি ( তিনি – আলি ) 
অসম