অনুভৱ একান্ত আন্তৰিকতাৰে – মানসী মিশ্ৰ

Pc Wallpaper UP

অনুভৱ একান্ত আন্তৰিকতাৰে

মানসী মিশ্ৰ

বছৰটো অতীত। হ’বলৈ মাজত কেইটামান দিন হে আছে । শীতৰ কুঁৱলী ঠেলি সকলোৱে এটি নতুন বছৰক আকোঁৱালি লবলৈ সাজু হৈছে ।এইদৰে ঋতু আহে ,ঋতু যায় । সময় বালি ত হেৰাই যায় একোটা বৰ্ষ । প্ৰতিটো বছৰেই পোৱা নোপোৱা ,হা হুমুনিয়াহৰ সমষ্টি । এইবাৰো বছৰটোৰ শেষ প্ৰান্তত থিয় হৈ এগৰাকী ব্যক্তি হিচাপে মনলৈ আহে বহু কথা।

বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে কভিড 19 মহামাৰীয়ে বিশ্বৰ সকলো প্ৰান্তৰ লগতে আমাৰ ৰাজ্য খনকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে ।এনে এক পৰ্য্যায় আহিছিল যিটো সময়ত একেটা দিনতে কেইবাহাজাৰ কৈ লোক আক্ৰান্ত হৈছিল। বহু লোক সুস্থ হৈ উঠিল ,বহুলোকে অকালতে প্ৰাণ হেৰুৱালে । প্ৰতিখন চিকিৎসালয়ত চিকিৎসক,চিকিৎসা কৰ্মী সকলে নেৰা নেপেৰা প্ৰচেষ্টাৰে এই covid-19 ৰ সংগ্ৰাম খনত জঁপিয়াই পৰিছিল।বহুতেই ৰোগীসকলক সুস্থকৰিবলৈ গৈ নিজৰ পৰিয়াল পৰিজন ৰ পৰা আঁতৰত থাকিব লগীয়া হৈছিল ।এই চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ যত্ন, দায়বদ্ধতাৰ বাবেই বহু লোকে মৃত্যুমুখলৈ গৈয়ো সুস্থ হৈ উভতি আহিছিল এইবাবেই হয়তো আমাৰ ৰাজ্য ৰ দৰে এখন উন্নয়নশীল ৰাজ্যত কোভিদ পৰিস্থিতি সহজে নিয়ন্ত্ৰণ লৈ আনিব পৰাত সফল হোৱা গৈছিল ।এয়া এক প্ৰকাৰ আমাৰ দৰে ৰাজ্যৰ বাবে এক গৌৰৱৰ কথা।সেইবাবে আমি এই ক্ষেত্ৰত আমাৰ ৰাজ্যত লোক সকলৰ চিকিৎসা ৰ বাবে ওলাই অহা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ শলাগ ল ই লাগিব ।
ইয়াৰ মাজতে কোভিদ 19 ৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন ৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগ উল্লেখযোগ্য দিশ। ইতিমধ্যে ৰাজ্যৰ বহুসংখ্যক লোকে ভেকচিন ললে যদিও ৰাজ্যখনৰ কিছুসংখ্যক লোকেএই ভেকচিন ল’বলৈ এতিয়াও বাকী আছে। ভেকচিন ৰ প্ৰতি ৰাইজৰ ৰ মাজত সজাগতা বৃদ্ধি ৰ প্ৰয়োজন আছে।ইতিমধ্যে চৰকাৰী ব্যবস্থা ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা আৰম্ভ হৈছে ।এই ক্ষেত্ৰত সকলো ৰাইজ সজাগ হৈ ভেকচিন লবলৈ আগবাঢ়ি আহিব লাগিব ।তেতিয়া হে আমাৰ ৰাজ্যখনত covid পৰিস্থিতি উন্নত হ’ব।আমি আহিব লগীয়া বছৰটোৰ আৰম্ভণিৰ পৰা এইটোৱে আশা কৰিম যে সকলো শ্ৰেণী ৰ লোকে কোভিদ ভেকচিন গ্ৰহণ কৰি ৰাজ্য খনৰ Covid পৰিস্থিতি উন্নত হোৱাত আমি সকলোৱে একোজন সচেতন অংশীদাৰ হিচাপে সহায় ৰ হাত আগবঢ়াম। এইক্ষেত্ৰত প্ৰতিগৰাকী সচেতন নাগৰিকৰ দ্বায়িত্ব আছে।
কিন্তু ইয়াৰ মাজতে আমি নভবাকৈ বহুজন হেৰাই গল এই মহামাৰী ত আক্ৰান্ত হৈ । বহু লৰাছোৱালী পিতৃ মাতৃ ক হেৰুৱাই ঘাট মাউৰা হল। বহুতৰ পৰিয়ালত তেওঁলোকৰ দায়িত্ব লব পৰা কোনোৱেই নাই ।বহুতৰ সমুখত ভাত কাপোৰ ৰ সমস্যা ই দেখা দিছে। বহুতে বিদ্যালয় আধাতে হেৰুৱাব লগীয়া হয়।এইসকলৰ সমুখত এক অনিশ্চিত ভৱিষ্যত।গতিকূ নতুন বছৰটোত চৰকাৰে যাতেএই ঘাট মাউৰা শিশুসকলৰ জীৱন জীৱিকাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। কোনো চৰকাৰী আঁচনিৰ দ্বাৰ সামৰিলয় । পঢ়া শুনা ভালদৰে কৰি যাতে ভবিষ্যত ৰ দিনসমূহ ত তেওঁলোকে স্ব নিৰ্ভৰ শীল হোৱাৰ ক্ষেত্ৰত বৰ্তমান ৰ চৰকাৰ খনে উপযুক্ত পথ দেখুৱাই দিয়ক । তেওঁ লোকৰ জীৱন টো সুৰক্ষিত হওঁক । এইক্ষেত্ৰত বৰ্তমান ৰ চৰকাৰ খনৰো যথেষ্ট দায়িত্ব থাকিব।আমি নতুন বছৰটোত এইখিনি আশা কৰিম চৰকাৰ খনৰ পৰা, তেওঁ লোকে তাতে এই ঘাটমাউৰা ল’ৰা ছোৱালী সকলৰ জীৱন টো আগবঢ়াই নিয়াৰ সহায় কৰে ।