অনুভৱৰ ছন্দত শৰৎ – জোন পৰাশৰ গোস্বামী

Pc Unsplash

অনুভৱৰ ছন্দত শৰৎ

জোন পৰাশৰ গোস্বামী
ছাত্রী ,গুৱাহাটী বিশ্ববিদ্যালয়

বসন্তক যদি ঋতুৰাজ বুলি কোৱা হয়, তেন্তে শৰৎ ঋতুৰাণী, অৰ্থাৎ শাৰদী ৰাণী। বৰ্ষা ঋতুৰ বিদায়ৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপ পৰিগ্ৰহ কৰে। ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা দুৰ্যোগৰ অন্ত পৰি ধৰাপৃষ্ঠলৈ নামি আহে শান্তি আৰু স্নিগ্ধতা। ফৰকাল আকাশৰ লগতে চাৰিওফালৰ সতেজতাই মানুহৰ মনত প্ৰেম আৰু আনন্দৰ সঞ্চাৰ কৰে।

এই শৰততে মন ব্যাকুল হৈ প্ৰেয়সীক কাষত পোৱাৰ বাসনাত প্ৰেমিক ভূপেন দাই গাইছিল–

“এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰ বন-হংসই বাট হেৰুৱাই
মই আছোঁ শাৰদীয় খিড়িকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই…”

শৰৎ মানেই অপৰূপ সৌন্দৰ্যৰ মধুৰ মাধুৰী। নিয়ৰসিক্ত দুবৰিৰ দলিচা, বিভিন্ন ফুলৰ সুবাস আৰু নৈপাৰৰ হালি-জালি থকা কঁহুৱা ফুলে শৰৎক অধিক মনোমোহা কৰি তোলে। পুৱাৰ কাঁচিয়লী ৰ’দৰ পোহৰত নিয়ৰৰ টোপালবোৰ মুকুতাৰ মণিৰ দৰে জিলিকি উঠে। উগ্ৰ ৰূপ এৰি ব্ৰহ্মপুত্ৰও যেন শান্ত আৰু সৌম্য হৈ পৰে।

শৰতৰ এই ৰূপত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো আপ্লুত হৈছিল। সেয়ে তেওঁ ‘দশম স্কন্ধ ভাগৱত’ত শৰৎ ঋতুৰ বৰ্ণনা দি লিখিছিল–

“পুষ্পিত মন্দাৰ কুণ্ড গন্ধে হুয়া ভোল,
মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰোল।।
শৰৎচন্দ্ৰৰ কান্তি অতি সুকোমল,
দেখি মহা সম্ভোষিত গোপীকাসকল।।”

শৰতৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰো গভীৰ সম্পৰ্ক আছে। পুৰাণৰ কাহিনী অনুসৰি, শাৰদীয় পূৰ্ণিমাৰ নিশা শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা কৰিছিল। আজিও অসমৰ বিভিন্ন ঠাইত ৰাসোৎসৱ পালন কৰা হয়। এই উৎসৱে ধৰ্মীয় বিশ্বাস, ভক্তি আৰু অসমীয়া সংস্কৃতিৰ ঐতিহ্যক গৌৰৱময় কৰি ৰাখিছে।

অভাৱ-অনাটনৰ ধূসৰতা আঁতৰাই শৰতৰ শুভ্ৰতাই কেৱল প্ৰকৃতিৰ বুকুলৈকে নহয়, মানুহৰ জীৱনলৈও কঢ়িয়াই আনে এক নতুন প্ৰাণচঞ্চলতা। সেউজীয়া পথাৰখন সোণালী হোৱাৰ সপোনে খেতিয়কৰ চকুত আশাৰ ৰং সানে। এই ঋতুতে পালন কৰা হয় অসমীয়াৰ বাপতিসাহোন কাতি বিহু। গধূলি তুলসীৰ তলত জ্বলি উঠা চাকিগছ যেন জীৱনৰ সংযম আৰু ভৱিষ্যতৰ সমৃদ্ধিৰ প্ৰতীক।

শাৰদীয় দুৰ্গোৎসৱো এই ঋতুৰ অন্যতম আকৰ্ষণ। প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি, ত্ৰেতা যুগত লংকাধিপতি ৰাৱণৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’বলৈ শ্ৰীৰামচন্দ্ৰই দেৱী দুৰ্গাৰ আৰাধনা কৰিছিল। সেই পৰম্পৰাক অনুসৰণ কৰিয়েই প্ৰতি বছৰে শৰৎকালত এই পূজা অনুষ্ঠিত হৈ আহিছে। ইয়াৰ উপৰি, এই পৱিত্ৰ সময়ছোৱাতে দেৱী দুৰ্গাই অত্যাচাৰী মহিষাসুৰক বধ কৰি শান্তি ঘূৰাই আনিছিল বুলিও বিশ্বাস কৰা হয়। মূলতঃ এই উৎসৱে নাৰীশক্তিৰ জাগৰণ, অপশক্তিৰ বিনাশ, সাহস আৰু অন্যায় তথা অসত্যৰ বিৰুদ্ধে সত্যৰ জয়ৰ বাৰ্তা বহন কৰে।

এনেকৈয়ে শেৱালি সৰা বাটেৰে শৰৎ আহে আৰু যায়। ই যেনেকৈ প্ৰকৃতিক অপাৰ সৌন্দৰ্য প্ৰদান কৰে, ঠিক তেনেকৈয়ে মানুহৰ জীৱনৰ কঠিন সময়ৰ মাজতো আশাৰ বতৰা কঢ়িয়াই আনে। এক কথাত ক’বলৈ গ’লে, শৰৎ হ’ল মানুহৰ আশা-নিৰাশা আৰু প্ৰেমৰ এক অপূৰ্ব সমাহাৰ।