অনামিকা-ববিতা বৰা

pc-horoscope
মই হতবাগ হৈ জঠৰৰ দৰে চাই ৰʼলো সেই চকুযুৰিলৈ।
এইযুৰি কোমল চকু,বিয়পি পৰা কাজলৰে সেই সজল চাৱনি..হৃদয়ত তোলপাৰ লগাবলৈ ইয়েই যথেষ্ঠ।
নাজানো,এনে কি যাদু আছে এই দুচকুত..যাৰ প্ৰেমত মই বাৰম্বাৰ আত্মহুতি দিও নিজকে।
মনত পৰিল,এইযুৰি চকুক দেখা প্ৰথম দিনটো।সেইদিনা ভিৰৰ মাজতো এইযুৰি চকুৰ পিছ লৈছিলো মই।চকুৱে চকুৱে পৰাত হাহিঁছিলো,ধৰা পৰাৰ লাজত মই তলমূৰ কৰিছিলো।সেইদিনা,তেওঁ এটা মৃদু হাহিঁ মাৰি দুপাত্তাখন বতাহত উৰুৱাই নামি গৈছিল নিৰ্দিষ্ট ষ্টপেজটোত।সেইজাক বতাহেই তেওঁক ভেদি চুমিছিল মোক,আৰু উৰুৱাই লৈ গৈছিল মোৰো সমস্ত্ব স্বত্বাটো.. তেওঁৰ কাষলৈ।
দৃষ্টিৰে ধুকি পোৱা লৈকে মই তেওঁৰ যোৱাৰ বাটতো চাই গৈছিলো..চাই গৈছিলো।হয়তো দহদিন মান আমি এইদৰেই লগ পাইছিলো বাছত,ভিৰৰ মাজত।দূৰৰ পৰাই,চকুৱে চকুৱে আদান প্ৰদান হৈছিল আমাৰ কথা।তেওঁৰ চকু মই পঢ়িব পাৰিছিলো,বা তেওঁ পঢ়িব পাৰিছিল মোৰ চকুৰ ভাষা।ভদ্ৰতাৰ খাটিৰত মই নিশব্দে আছিলো।অচিনাকি ছোৱালী এজনীৰ লগত চিনা-জনা নোহোৱাকৈ মনৰ কথাবোৰ কৈ দিলে অভদ্ৰামি আচৰণ কৰাৰ দৰে হʼব বুলি ভাৱিয়েই মই অপেক্ষা কৰিছিলো কিজানিবা তেওঁ মোক নিজেই মাতসাৰ দিয়ে..।
তথাপি,সাহস গোটাই সেইদিনা তেওঁক মই মনৰ কথা ক’ম,অলপ সময় কথা পাতিম বা নামটোকে সুধিম বুলি পাঙি আহিছিলো,হাতত লৈ আহিছিলো এখন চিঠি।
নাই,সেইদিনা তেওঁ নাহিল।কিয় জানো,তেওঁক বাচত নেদেখাত মনতো বিষাদে আগুৰি ধৰিছিল,কিবা এটা হেৰুৱাৰ ভয়ে অশান্তি কৰিছিল মন-মগজু..।
।।
উলংগ হৈ পৰি থকা মৃতদেহটোৰ সজল চকুযুৰিয়ে মোক তচনচ কৰি পেলালে।
মন গ’ল তাইক সাৱটি লোৱাৰ,তাইৰ শৰীৰটো ঢাকি চিঞৰি চিঞৰি কন্দাৰ..তাইৰ মেলখাই ৰোৱা চকুযুৰিত চকু থৈ এটা উষ্ম চুমা খোৱাৰ,আকৌ এবাৰ মনৰ কথাকোৱাৰ,বুজাৰ..
আমাৰ যে কিমান কথা কথা হৈয়েই ৰৈ গ’ল।
চিঞৰিবলৈ চেষ্টা কৰিলো যদিও বাকৰুদ্ধ মোৰ কন্ঠৰ পৰা শব্দ ফুটি ওলোৱাটো অসম্ভৱ।
মূৰটো আচন্দ্ৰাই আৱৰি ধৰিলে মোৰ।
তাইৰ চাৱনি,বিয়পি পৰা কাজল আৰু সেই মৃদু হাহিঁৰ মুখখনে বাৰম্বাৰ আমনি কৰিলেহি মোক।
বি:দ্ৰ:-মোৰ দুচকু মেল খোৱাত,তাইৰ শৱ টোৰ কাষতেই মই আৱিষ্কাৰ কৰিলো মোক।তাই মোক সাৱটি ধৰিলে।মোৰ চিঠিখন পঢ়ি খিলখিলাই হাহিঁলে।তাইৰ দুহাতত ধৰি সন্মোহিতৰ দৰে,সদায়েই অহা যোৱা কৰা গাড়ীখনত উঠিলো একেলগে।তাই মোৰ কান্ধত মূৰ থৈ আঙুলিয়াই দেখুৱাই গʼল নৰপিশাচবোৰ।সিমূৰৰ গলীটোত পৰি ৰোৱা তাইৰে মোৰে মৃতদেহ টো…।
ববিতা বৰা