অদূৰ ভৱিষ্যতে আৰু অসম বিভাজন নহয়। অসম একত্ৰিত হৈ থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc-twitter

অদূৰ ভৱিষ্যতে আৰু অসম বিভাজন নহয়। অসম একত্ৰিত হৈ থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বাৰ্ত্তাসেৱা-  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ১৯৬৬ চনত পি টি চি এ [প্লেইন ট্ৰাইবেলছ কাউন্সিল অব আছাম] গঠন হৈছিল। পি টি চি এ বিভাজনৰ এক ডাঙৰ আন্দোলন গঢ়ি তুলিছিল আৰু এটা সময়ত ডিভাইড আছাম ৫০ঃ ৫০ শ্ল’গান শুনিছিল বুলি অভিহিত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক কয় যে এই বৃহৎ আন্দোলনত বহু লোকে বলিদান দিছিল। বড়োভূমিত থিয় হোৱা এই আন্দোলন সৰ্বস্তৰত বিয়পি পৰিছিল তথা সকলোৱে মান্যতা প্ৰদান কৰিছিল। এই বৃহৎ গণ আন্দোলনৰ পাছত এতিয়া যি ঐতিহাসিক বি টি চি চুক্তি স্বাক্ষৰিত হৈছে এয়া ৰাজ্যখনৰ বাবে এক ডাঙৰ সফলতা। বি টি চি চুক্তিৰ এক অনুে২৬দত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অদূৰ ভৱিষ্যতে আৰু অসম বিভাজন নহয়। অসম একত্ৰিত হৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই অসম পুনৰ বিভাজিত হোৱাৰ পৰা ৰক্ষা পৰিছে আৰু অসমৰ ভূখণ্ড একত্ৰিত কৰি ৰখাৰ বাবে প্ৰধানমন্ত্ৰী -কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নাম সোণালী আখৰেৰে লিখা থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ড০ শমাই লগতে কয় যে বৰঅসম এদিন এখন এখনকৈ আঁতৰি গৈছিল। এখন এখনকৈ আঁতৰি যোৱা এই খণ্ডসমূহক লগ লগাবলৈ কোনেও কল্পনা কৰা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেনেকৈ সোণাৱালী আৰু বৰঅসম নিৰ্মাণ কৰিব পাৰি তাৰ দিশত কাম আৰম্ভ কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত বিটিআৰ তথা অসমৰ স্বাস্থ্য খণ্ডৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰি ৪৩০ খন বিছনাযুক্ত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলৰ নিকটাত্মীয়ৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা ‘প্ৰাৰ্থনা’ আঁচনিৰ অধীনত তিনিগৰাকী হিতাধিকাৰীক ৰলাখ টকাকৈ চেক প্ৰদান কৰি আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে