অত্যাৱশ্যকীয় বান সাহায্য সামগ্ৰী হিচাপে চেনিটাৰী নেপকিনৰ ঘোষণা অসম চৰকাৰৰ

PC Amazon.in

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰে কৈছিল যে বানপানীৰ সময়ত সাহায্য সামগ্ৰী বিতৰণৰ অংশ হিচাপে চেনিটাৰী নেপকিনসমূহ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ’ব।ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মণিভান্ননৰ দ্বাৰা স্বাক্ষৰিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এ এছ ডি এম এ) পৰা এক জাননী সকলো জিলালৈ প্ৰেৰণ কৰা হৈছিল, য’ত কৰ্তৃপক্ষক বিনামূলীয়া সাহায্য পুঁজিৰ পৰা সাহায্য সামগ্ৰীৰ তালিকাত নেপকিনবোৰ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছিল।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা  কোৱা হৈছে, “অসমৰ বানপ্ৰৱণ জিলাসমূহত বাস কৰা মহিলা আৰু কিশোৰীসকলে সন্মুখীন হোৱা জৰুৰীকালীন অৱস্থাত ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা ব্যৱস্থাপনা হৈছে এনে এক অঞ্চল যি সাহায্য ব্যৱস্থাত অৱহেলিত হৈ আছে।”