অচিন চিনাকি
মনত পৰেনে সেই বহাগৰ বতৰ
কৃষ্ণচূড়া আৰু সোনাৰুৰ ৰঙেৰে
মুখৰিত কৰিছিল চৌদিশৰ আকাশ
তোমাৰ মৰমে মোক উপচাই তুলিছিল
মোৰ মনৰ দুৱাৰ খুলি ৰাখিছিলোঁ
কেবলমাত্ৰ তোমাৰ বাবে…
কিন্তু ! আজি মই অচিনাকী
তোমাৰ বাবে…
বাৰে বাৰে চাইছিলোঁ
মবাইলৰ স্ক্ৰিন খনলৈ
নাই তোমাৰ মেচেজ এটাও নাই
অপেক্ষাৰ যানো অন্ত আছে ?
মই ও ক্লান্ত হৈ পৰিছিলোঁ
তোমালৈ বাট চাই চাই…
নাই সহাৰি নাই শেষবাৰলে
এতিয়া মই মাথোঁ তোমাৰ বাবে
অচিন চিনাকি চিৰদিনলে…
হিমাদ্ৰী বৰকটকী