অকনিলৈ বাৰ্তা – মনালিচা শৰ্মা

pc Voice of Youth

অকনিলৈ বাৰ্তা

মনালিচা শৰ্মা,
গুৱাহাটী

মইনাহঁত ভালে আছানে? তোমালোকক লগ নোপোৱা বহুত দিনেই হ’ল। কভিদ মহামাৰী আহি গোটেই পৃথিৱীখনকে তচনচ কৰি পেলালে। নিজৰ মানুহখিনিৰ মাজতো অহা-যোৱা বন্ধ হ’ল।ক’ৰবালৈ গ’লেও ভয় -শঙ্কাই আৱৰি ধৰে। এইদৰে দুটা বছৰ পাৰ হৈ নতুন বছৰৰ দুৱাৰদলিত ভৰি থলোহি। তাৰ মাজতে কভিদৰ সকলো নিয়ম মানি দুৰ্গা পূজাকে ধৰি কেইবাটাও উৎসৱ পাৰ হ’ল। এতিয়া ৰাস পূজা আহি আছে। এই শৰৎ কালৰ পূৰ্ণিমা তিথিতেই ৰাস পূজা পাতে। কোনো -কোনো ঠাইত ৰাধা-কৃষ্ণৰ মূৰ্তি আনি পূজা পতাৰ লগতে ৰাসলীলাৰ অভিনয় কৰি দৰ্শকক মুগ্ধ কৰে। ৰাসৰ লগত ভগৱান শ্ৰী কৃষ্ণৰ মহত্ত্বৰ যি তাৎপৰ্য সেয়া তোমালোকে ডাঙৰ হ’লে পঢ়িবলৈ পাবা। থুলমুলকৈ ক’বলৈ হ’লে ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীৰ পৰা দুষ্ট আৰু পাপীসকলক নিঃশেষ কৰিবৰ বাবে মথুৰানগৰৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। কিন্তু মোমায়েক কংশৰ ভয়ত পিতা বসুদেৱে গকুলৰ নন্দৰজাৰ ঘৰত কৃষ্ণক লুকুৱাই থৈছিল। নন্দ-যশোদাৰ আদৰ যত্নত ডাঙৰ-দীঘল হৈ গোপবালক সকলৰ লগত গৰু চৰাই খেলা-ধূলা কৰি বহুতো অসুৰ নিধন কৰিছিল। শিশু অৱস্থাতে অসাধাৰণ প্ৰতিভাৰ পৰিচয় সকলোকে মুগ্ধ কৰি তুলিছিল। গকুলত গোপীনীৰ লগতো ৰাসলীলা কৰি তেওঁলোকক ব্যাকুল কৰিছিল। শেষত কৃষ্ণৰ প্ৰধান শত্ৰু মোমায়েক কংশক বধ কৰি বসুদেৱ-দৈৱকীক মুক্তি দি কৃষ্ণই মানৱ দেহা ত্যাগ কৰি বৈকুণ্ঠলৈ গুছি যায়। তোমালোকে এই আখ্যান পঢ়িলে সকলো কথা ভালদৰে বুজি পাবা।

অ’ আৰু এটা কথা, আজি অৰ্থাৎ ১৪ নবেম্বৰ শিশু দিৱস। এই দিনটোতে ১৮৮৯ চনত আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেখেতক সকলোৱে খুড়া বুলি সম্বোধন কৰিছিল। গোলাপ ফুল আৰু শিশু ক তেখেতে বৰ ভাল পাইছিল। সেইবাবে তেখেতৰ জন্মদিনটো সকলোৱে শিশু দিৱস হিচাপে উদযাপন কৰে। সেইদিনা শিশু সকলৰ মাজত বহুতো প্ৰতিযোগিতা আয়োজন কৰা হয়। তোমালোকেও কভিদৰ সকলো নীতি নিয়ম মানি চলি মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰি প্ৰতিযোগিতা সমূহত অংশ ল’বা বুলি আশা কৰি আজিলৈ আহোঁ। পিছত আকৌ লগ হ’ম।