ৰৌদ্ৰস্নাত – নাজবিন চুলতানা

ৰৌদ্ৰস্নাত
নাজবিন চুলতানা, শিৱসাগৰ
লক্ষ্যপথৰ আউলি বাউলি গণনাৰ
নিৰৱধি শৃংখলৰ সকীয়নি,
প্ৰতিদিনৰ অন্ধকাৰৰ অবিশ্বাস্য
কান্তিময় শোভাৰ নিশ্বাস ।
মূল্যহীন আজিৰ কুৰূপা অজুদ…
নিসংগ গৰাই বাৰে বাৰে খহাইছে
জীৱন ।
মায়াৰ চকুলোৰে আজি
বৈ গৈছে তন্ময়তাৰ নৈ ,
অসহায়ৰ দুহাতেৰে
নিতৌৰ স্মৰণ…।
মুক্তি দিয়া মোক
গাফিলতিৰ আঘাতত থমকি ৰোৱা
অন্ধকাৰৰ পৰা ,
পোহৰ দিয়া মোক ।
আশ্ৰয়হীনৰ জুইত জলি মৰা
বিশ্বাসবোৰ …
পুনৰ অন্তৰত জগাই দিয়া ,
ভৰাই তুলা ৰৌদ্ৰস্নাতাৰ শক্তিৰে
কাজলিৰ দান,
প্ৰণিপাতৰ ৰৌদ্ৰস্নাতাৰ এই
মহানতাৰ আশীষ যে…
মৰিব শিকোৱা বিশ্বাসে জীয়াবও শিকাই ।