ৰেডিয়েন্স ফাউণ্ডেশ্বনৰ চিত্ৰাংকন প্ৰতিযোগিতা

ৰেডিয়েন্স ফাউণ্ডেশ্বনৰ চিত্ৰাংকন প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ উদ্যোগত ২৩ ডিচেম্বৰত চেঙাৰ শিক্ষা জ্যোতি বিদ্যালয় প্ৰাংগনত শিশুসকলৰ বাবে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ক শাখাত শিশু শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ আৰু খ শাখাত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।ক শাখাত কৌস্তভ কাব্যম তালুকদাৰে প্ৰথম,মেহনাজ ইছলামে দ্বিতীয়,পিনাজ আহমেদে তৃতীয় আৰু চানায়া হুছেইনে নিচুকনি বঁটা লাভ কৰে। খ শাখাত জাহ্নৱী ৰয়ে প্ৰথম,সীমান্তিকা দাসে দ্বিতীয়, ফাৰহিনা নাজমিনে তৃতীয় আৰু প্ৰিয়ামনি পাঠকে নিচুকনি বঁটা লাভ কৰে।বঁ‌টা লাভ কৰা সকলো প্ৰতিযোগীকে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয়।