ৰাষ্ট্ৰ গঢ়িবলৈ মহিলাৰ বাবে সংসদত আসন সংৰক্ষিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তিলৈ আগবঢ়োৱা স্বীকৃতিক আমি অতি আন্তৰিকতাৰে সন্মান জনাইছোঁ– আঙুৰলতা ডেকা
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত “নাৰী শক্তি বন্দন অধিনিয়ম’’ সংসদত উত্থাপনৰ জৰিয়তে যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে সেই পৰিপ্ৰেক্ষিতত আজি দিনৰ ৩ বজাত হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি,জিলা কাৰ্যালয়ত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত তথা মহিলা মৰ্চাৰ উদ্যোগত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনাই এক ধন্যবাদসূচক কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সভানেত্ৰীয়ে এই ঐতিহাসিক পদক্ষেপ টোৰ বাবে দেশৰ আদৰণীয় প্ৰধানমন্ত্ৰী গৰাকীক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে প্ৰকাশ কৰে যে এই সংৰক্ষণৰ কিমান প্ৰয়োজন আছিল মহিলাৰ ৰাজনৈতিক উৎকৰ্ষ সাধনৰ অৰ্থে কাৰণ মহিলাই নিজৰ পৰিয়ালত যাৱতীয় আলপৈচান ধৰাৰ পাছত কিমান ত্যাগ আৰু কষ্টেৰে সমাজত কৰ্ম কৰিবলৈ ওলাই আহে৷নাৰী সৱলীকৰণৰ কৰণৰ ক্ষেত্ৰত এই বিলখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।উক্ত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো থকা প্লেকাৰ্ড, বেনাৰ লৈ বিধেয়ক খন দাখিল কৰাৰ প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰা হয়।