ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে অসমৰ সংবাদ জগতৰ দুই মহীৰূহ সাংবাদিকক  আই চি আই চি আই বেংকৰ সম্বৰ্দ্ধনা

ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে অসমৰ সংবাদ জগতৰ দুই মহীৰূহ সাংবাদিকক  আই চি আই চি আই বেংকৰ সম্বৰ্দ্ধনা

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিবস উৎযাপন কৰা হয়। এই উপলক্ষে আই চি আই চি আই বেংকৰ তৰফৰ পৰা দুটা পৃথক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত অসমৰ দুজন বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী ক্ৰমে দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকা আৰু জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক বেংকটোৰ পাঞ্জাবাৰী আৰু কাহিলীপাৰা শাখাত সম্বৰ্দ্ধনা জনোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ  জ্যেষ্ঠ  মহাপ্ৰৱন্ধক নয়নজ্যেতি দাসৰ তত্বাবধানত অনুষ্ঠিত অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি    জ্যেষ্ঠ  মহাপ্ৰৱন্ধক জনে আই চি আই চি আই বেংক কৰ্তৃপক্ষই জ্যেষ্ঠ নাগৰিক আৰু সমাজৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে। জ্যেষ্ঠ বিষয়া জনে আৰম্ভণিতে   ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমূহ সাংবাদিক আৰু সংবাদ কৰ্মীলৈ শুভেচ্ছা জ্ঞাপন কৰে। দুয়োটা অনুষ্ঠানতে উপস্থিত থকা  জ্যেষ্ঠ সাংবাদিক তথা হিন্দী দৈনিক কাকতৰ ৰাষ্ট্ৰীয় খবৰ   পূৰ্বোত্তৰ সংবাদদাতা  ভূপেন গোস্বামীক বিশেষ ভাৱে আদৰণি জনোৱা হয়। পাঞ্জাবাৰী শাখাৰ প্ৰৱন্ধক জ্যেতিময় হাজৰিকা আৰু কাহিলীপাৰা জটিয়া শাখাৰ প্ৰৱন্ধক অমল দত্তই আঁত ধৰা  অনুষ্ঠানত দুয়োগৰাকী অসমৰ মহীৰূহ সাংবাদিকক গামোচা, চেলেং চাদৰ শৰাই – জাপি আৰু  সম্বৰ্দ্ধনা প্ৰত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে।  সম্বৰ্ধনা গ্ৰহণ কৰি দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাই  বৰ্তমান সাংবাদিকতা আৰু অতিতৰ সাংবাদিকতা ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে বেংক কৰ্তৃপক্ষ ক ধন্যবাদ জ্ঞাপন কৰে ।ডেকাই ভাষণ প্ৰসংগত আৰু কয় যে সংবাদ মাধ্যম যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়, সংবাদ মাধ্যমে যদি নিজৰ স্বাধীনতাৰ কথা উচ্চাৰণ কৰে তেন্তে সংবাদ মাধ্যমেও নিজকে অসৎ আচৰণ আৰু বে -আইনী কামৰ পৰা আঁতৰাই ৰাখিব লাগিব।  বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে নিজৰ চমু বক্তব্যত উল্লেখ কৰে যে বহুতে আনক হানি কৰাৰ লক্ষ্য ৰাখি সাংবাদিকতা কৰে। এনে প্ৰৱণতা সাংবাদিকতাৰ ক্ষেত্ৰখন লৈ অশনি সংকেত। তেওঁ আৰু কয় যে সাংবাদ মাধ্যমে স্বাধীনতা বিচাৰিলে ই নহ’ব, সংবাদ মাধ্যম সমূহ নিজেও দায়বদ্ধ হ’ব লাগিব। অনুষ্ঠানত আই চি আই চি আই বেংকৰ আঞ্চলিক প্ৰৱন্ধক অমিত ডালমিয়া, জ্যেষ্ঠ নাগৰিকবিজয় কৃষ্ণ দেৱ শৰ্মা,গোপাল চন্দ্ৰ মেধি,ইলা ৰাজখোৱা,মিনা শৰ্মা,গকুল চন্দ্ৰ গোস্বামী প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থাকে।