ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ মণিপুৰৰ নাগৰিকৰ প্ৰতি সমমৰ্মিতা, শান্তি সমদল উলিওৱাত প্ৰশাসনৰ বাধা

ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ মণিপুৰৰ নাগৰিকৰ প্ৰতি সমমৰ্মিতা, শান্তি সমদল উলিওৱাত প্ৰশাসনৰ বাধা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ উদ্যোগত দীঘলীপুখুৰীস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত এক প্ৰতিবাদী সভা অনুস্থিত হয়। ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী,সাধাৰণ সম্পাদক পৰেশ বৰুৱা, দীপক দাস সহ বিশিষ্ট বুদ্ধিজীৱী অদীপ কুমাৰ ফুকন,দেৱেন তামুলী,চিপিআইৰ কনক গগৈ,কৃষক সভাৰ জয়ন্ত গগৈ আদি উপস্থিত থাকে। উপস্থিত বক্তাসকলে মণিপুৰৰ সমস্যাৰ সমাধানৰ বাবে চৰকাৰে কোনো প্ৰচেষ্টা হাতত নোলোৱা বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আজিৰ শান্তি সমদলক প্ৰশাসনে বাধা প্ৰদান কৰে।এনে কাৰ্যত বক্তাসকলে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ডবল ইঞ্জিন চৰকাৰৰ বাবে মণিপুৰ বাসীৰ ওচৰত বেয়া মেছেজ যাব বুলিহে মত পোষণ কৰে।