ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমত চলিল ক্ৰছ ভোটিং

PC-The Janambhumi

ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমত চলিল ক্ৰছ ভোটিং

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমত ব্যাপক হাৰত চলিল ক্ৰছ ভোটিং৷বৃহস্পতিবাৰে ঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত এই কথা স্পষ্ট হৈ পৰিছে।অসমত এন ডি এৰ বিধায়কৰ সংখ্যা ৭৯ গৰাকী।বি পি এফৰ তিনি বিধায়কেও এন ডি এৰ প্ৰাৰ্থী মুৰ্মুক সমৰ্থন জনাইছিল৷সেই হিচাপত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমত ৮২ টা ভোট লাভ কৰিব লাগিছিল৷কিন্তু দ্ৰৌপদী মূৰ্মুৱে অসমৰ পৰা পালে ১০৪ গৰাকী বিধায়কৰ ভোট।অসমৰ ২২ গৰাকী বিৰোধী বিধায়কে দ্ৰৌপদী মূৰ্মুক ভোট দিলে।শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটত স্পষ্ট হ’ল ক্ৰছ ভোটিং প্ৰসংগ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰছ ভোটিং সন্দৰ্ভত কৰা টুইটক লৈ ৰাজ্যৰ ৰাজনীতিত ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা।উল্লেখযোগ্য যে,এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সবাটোকৈ অধিক চৰ্চিত বিষয়টোৱেই হ’ল অসমৰ কোন ২২ গৰাকী বিৰোধী বিধায়কে নিজৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ পৰিবৰ্তে দ্ৰৌপদী মুৰ্মুক ভোট দিলে ৷