ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত আইনত পৰিণত হ’ল দিল্লী সেৱা আইন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হোৱা দিল্লী সেৱা বিধেয়ক ৰাজ্যসভাত ভোটৰ জৰিয়তে গৃহীত হোৱাৰ পিছত এই বিধেয়কত হস্তাক্ষৰ কৰে। হস্তাক্ষৰ কৰাৰ লগে লগে দিল্লী সেৱা বিধেয়কখনি দিল্লী সেৱা আইনত পৰিণত হয়। অর্থাৎ কেন্দ্রীয় চৰকাৰে জাৰি কৰা অধ্যাদেশৰ স্থানত কাৰ্যকৰী হ’ল দিল্লী সেৱা আইন। যোৱা পহিলা আগষ্টত লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ সেৱা বিধেয়কখন ধ্বনি ভোটত গৃহীত হয়। পৰৱৰ্তী সময়ত ৰাজ্যসভাত ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হয়। এই বিধেয়কখন গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতি মুর্মুৱে আইনী মোহৰ দিয়ে। এই আইন অনুসৰি দিল্লীৰ চৰকাৰী বিষয়া আমোলাৰ নিযুক্তিৰ পৰা বদলিলৈকে সকলো কর্তৃত্ব কেন্দ্রীয় চৰকাৰৰ হাতত থাকিব। দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ হাতত নাথাকিব ক্ষমতা।