ৰাষ্ট্রপতি ভৱনত ২০২১ চনৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অসমৰ তৰুণ গগৈক মৰোণত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান

Pc- The economic times

ৰাষ্ট্রপতি ভৱনত ২০২১ চনৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অসমৰ তৰুণ গগৈক মৰোণত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ সম্মানেৰে সন্মানিত প্ৰদান কৰা হয়।প্রয়াত তৰুণ গগৈৰ পত্নী ডলী গগৈয়ে ৰাষ্ট্রপতি ভৱনত অনুষ্ঠিত এক বর্ণাঢ্য অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা স্বামীক প্ৰদান কৰা পদ্মভূষণ সন্মানৰ মানপত্ৰ গ্ৰহণ কৰে।অনুষ্ঠানত প্রধানমন্ত্রী নরেন্দ্র মোদী, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, গৃহমন্ত্রী অমিত শাহকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পদ্মভূষণ সম্মান লাভ কৰা প্ৰাক্তন প্রয়াত মুখ্যমন্ত্ৰী গগৈৰ উপৰি অসমৰ মুঠ ৮ গৰাকী কৃতী ব্যক্তিয়ে ২০২১ চনৰ পদ্মশ্রী বঁটা লাভ কৰিছে।২০২১ চনৰ পদ্ম বঁটা প্ৰদান কৰা অনুষ্ঠানত ৰাষ্ট্ৰপতি কোবিন্দৰ পৰা পদ্মশ্রী বঁটা লাভ কৰে সমাজসেৱাৰ বাবে বিশেষ অবদান আগবঢ়োৱা অসমৰ লখিমী বৰুৱা আৰু বিৰুবালা ৰাভা, শিল্পকলাত বিশেষ অবদান আগবঢ়োৱা গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু দুলাল মানকিয়ে। ৰাষ্ট্ৰপতি কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে জনসেৱাত বিশেষ অবদান আগবঢ়োৱা বিজয়া চক্রবর্তী, সাহিত্য-শিক্ষাখণ্ডত বিশেষ অবদানৰ বাবে মংগলসিং হাজোৱাৰী, ইমৰান শ্বাহ আৰু সাংবাদিকতাৰ বাবে ৰোমান শৰ্মাই। জাপানৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বিনজে আবেক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সর্বোচ্চ পদ্ম বঁটা হিচাপে পদ্মবিভূষণ সম্মানেৰে সম্মানিত কৰে।প্রয়াত প্রাক্তন মুখ্যমন্ত্রী গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান কৰাৰ বাবে তেওঁৰ পত্নী ডলী গগৈ আৰু পুত্ৰ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। জীবিত অবস্থাত গগৈয়ে এই বঁটা লাভ কৰিব পাৰিলে বিষয়টো আৰু আনন্দদায়ক হ’লহেঁতেন বুলি পত্নী ডলী গগৈয়ে মন্তব্য কৰে।