ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ

Pc The Janambhumi

ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ দিয়া প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে খানাপাৰাত ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱ-নিযুক্ত প্ৰতিগৰাকী যুৱক-যুৱতীকে কৰ্মজীৱনত কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ বুলি সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’আমাৰ চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।এই আনন্দৰ মুহূৰ্তত মই নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ লগতে পিতৃ-মাতৃ আৰু অভিভাৱকসকলকো আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।নৱ-নিযুক্ত প্ৰতিগৰাকী যুৱক-যুৱতীকে কৰ্মজীৱনত কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ বুলি সংকল্পবদ্ধ হ’বলৈ মই আহ্বান জনালোঁ৷ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।পুনৰ ১০ হাজাৰ চৰকাৰী পদত নিযুক্তিৰ বাবে আমাৰ চৰকাৰে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব৷ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক আত্ম-সংস্থাপন দিয়াৰ দিশতো আমি শীঘ্ৰে জনসাধাৰণক অৱগত কৰিম৷’