ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰিলক্ষিত হৈছে ক’ভিডৰ আতংক
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰিলক্ষিত হৈছে ক’ভিডৰ আতংক। নিয়মীয়া পাঠদানসমূহ আৰম্ভ হোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষাৰ্থীসকল কʼভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ বাবে ৰাইজৰ মাজত আতংক বৃদ্ধি পাইছে। যাৰ বাবে অভিভাৱকসকল শিক্ষার্থীক বিদ্যালয়লৈ প্ৰেৰণৰ পূৰ্বে এবাৰ ভাবি চাবলৈ বাধ্য হৈছে।কেইবাখনো বিদ্যালয়ত ক’ভিডত আক্রান্ত শিক্ষক আৰু শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে পাঠদান বন্ধ কৰিবলগীয়া হৈছে।নগাঁৱৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত সাত দিনৰ বাবে পাঠদান বন্ধ কৰা হৈছে।পাঁচ দিন ধৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষার্থী আক্রান্ত হোৱাত সংশ্লিষ্ট প্রশাসনে এই বিদ্যালয়খন সাত দিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয়। ইতিমধ্যে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসসমূহো সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। প্রাপ্ত তথ্য অনুসৰি এই মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাসহ ১০জন শিক্ষার্থী কভিডত আক্ৰান্ত হৈছে। নগাঁও চহৰৰ লগতে মহানগৰীৰৰ কেইবাখনো বিদ্যালয়ত শিক্ষার্থী আৰু শিক্ষক ক’ভিডত আক্রান্ত হৈছে।