ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৩৪ শতাংশলৈ বৃদ্ধি

PC -NDTV.com

ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৩৪ শতাংশলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা –ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এক অফিচ মেম’ৰেণ্ডামযোগে প্রকাশ কৰে যে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ তিনি শতাংশ বৃদ্ধি কৰিছে  ৷ ইয়াৰ লগে লগে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৩৪ শতাংশলৈ বৃদ্ধি পালে ।বিত্ত বিভাগে (নং এফ ই জি ০৮/২০১৭/১১৫) অফিচ মেম’ৰেণ্ডামখনত ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলে চলিত এপ্ৰিল মাহৰ দৰমহাৰ সৈতে বৰ্ধিত নিৰিখত মৰগীয়া বানচ লাভ কৰিব। সেইদৰে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বৰ্ধিত মৰগীয়া বানচৰ বকেয়া এটা কিস্তিত লাভ কৰিব।