ৰাজ্যত ৰাষ্ট্ৰীয় আয়ুর্বেদ দিৱস উদযাপন

pc- Careerindia

ৰাজ্যত ৰাষ্ট্ৰীয় আয়ুর্বেদ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ৰাষ্ট্ৰীয় আয়ুর্বেদ দিৱস। প্রতি বছৰে ২ নৱেম্বৰত ধন্বন্তৰী জয়ন্তীৰ দিনা ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ লক্ষ্যৰে আয়ুস মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০১৬ চনত ধনন্তৰি জয়ন্তীৰ দিনটোত প্ৰথমবাৰৰ বাবে আয়ুৰ্বেদিক দিৱস পালন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্র্যালয়ে পোষণৰ বাবে আয়ুর্বেদ বিষয়বস্তুৰে এইবাৰৰ এই দিৱস উদযাপন কৰিবলৈ লৈছে। মন, শৰীৰ আৰু আত্মাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি স্বাস্থ্য সুৰক্ষিত কৰা তথা ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাকে আয়ুৰ্বেদৰ উদ্দেশ্য বুলিব পাৰি। এই চিকিৎসা বিজ্ঞানে বনৌষধি, আহাৰ আৰু জীৱনশৈলীৰ নিৰ্দেশনাৰ জৰিয়তে শৰীৰ আৰু মনৰ ভাৰসাম্যহীনতা সামগ্রিকভাবে নিয়ন্ত্ৰণ আৰু চিকিৎসা কৰাত সহায় কৰিব। এই উদ্দেশ্যৰে অসমতো নর গঠিত আয়ুর্বেদিক চিকিৎসা সন্থাৰ সৌজন্যত আজি ৰাজ্যজুৰি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে। কামৰূপ জিলাতো বিশ্বৰ প্রাচীন চিকিৎসা পদ্ধতি – আয়ুৰ্বেদৰ ব্যৱহাৰ সন্দৰ্ভত ৰাইজক সচেতন কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভাৰ লগতে আয়ুৰ্বেদ চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ দোবাকহৰাত এই উপলক্ষে আয়োজিত সজাগতা সভাত বিধায়ক দিগন্ত কলিতা আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড০ জি এন দেৱশৰ্মাকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকিব।