ৰাজ্যত বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা; আকৌ হ’ব নেকি লকডাউন ?  ৭ দিনৰ ভিতৰত চৰকাৰে এই বিষয়ত ল’ব কঠোৰ সিদ্ধান্ত

pc India.com

ৰাজ্যত বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা; আকৌ হ’ব নেকি লকডাউন ?  ৭ দিনৰ ভিতৰত চৰকাৰে এই বিষয়ত ল’ব কঠোৰ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যত শেহতীয়াকৈ পুনৰ বহুতো লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাত পুনৰ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।শাৰদীয় দুৰ্গা পূজাৰ পাছতেই বহুজন আকৌ আক্ৰান্ত হৈছে ক’ভিডত৷প্ৰতিদিনেই ক’ভিডত আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ খবৰো আহিছে।দুৰ্গা পূজাৰ পাছত ৰাজ্যত বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।সপ্তমী, অষ্টমীত অসমত ক’ভিডৰ পজিটিভিটী হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল।ইয়াকে লৈ ৰাজ্য চৰকাৰে কালি গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়।ক’ভিড পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হ’ব আৰু ৭ দিনৰ ভিতৰত চৰকাৰে এই বিষয়ে কঠোৰ সিদ্ধান্ত ল’ব।