ৰাজ্যত প্ৰয়োজনতকৈ আছে অধিক সংখ্যক বিদ্যালয়

PC-Twitter

ৰাজ্যত প্ৰয়োজনতকৈ আছে অধিক সংখ্যক বিদ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ বৰপেটাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য।২০১৭ চনৰ বিদ্যালয় প্ৰাদেশীকৰণ সংশোধনী আইনৰ আওতাৰ অধীনত নপৰা বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে৷শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে যে,”বিদ্যালয় প্ৰাদেশিকীকৰণৰ আইনখন সংশোধনৰ ৰাজ্য চৰকাৰৰ কোনো প্ৰস্তাৱ নাই।২০১৭ চনৰ বিদ্যালয় প্ৰাদেশীকৰণ সংশোধনী আইনৰ আওতাৰ অধীনত নপৰা বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহ’ব৷২০১৭ চনৰ আওতাত নপৰা বিদ্যালয়সমূহ সংশোধনীৰ জৰিয়তে প্ৰাদেশীকৰণ কৰা হ’ব বুলি একাংশই অপপ্ৰচাৰ চলাই আছে। ২০১৭ চনৰ আওতাত পৰা কোনো বিদ্যালয়ৰ কোনো শিক্ষক প্ৰাদেশীকৰণৰ পৰা বাদ পৰি যোৱা নাই৷”উল্লেখযোগ্য যে যদিহে কোনোবা বাদ পৰি গৈছে তেন্তে তেওঁলোকক আবেদন জনাবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷